সৰ্বাধিক জনসংখ্যাৰ দেশ হ’ব ভাৰত, চীনক পিছ পেলাবলৈ দ্ৰুতগতিত আগবাঢ়িছে ভাৰত

সৰ্বাধিক জনসংখ্যাৰ দেশ হ’ব ভাৰত
চীনক পিছ পেলাবলৈ দ্ৰুতগতিত আগবাঢ়িছে ভাৰত
১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যা হ’ব ৮০০ কোটি

ক’ভিডে বিশ্বৰ অৰ্থনীতিক পিছুৱাই ৰাখিলে৷ ভাৰতৰো অৱস্থা খুব সন্তোষজনক নহয়৷ এনে অৱস্থাতো জনসংখ্যা বৃদ্ধিৰ গ্ৰাফডাল তললৈ নানামিল৷ যাৰ বাবে ১৫ নৱেম্বৰত বিশ্বই সৃষ্টি কৰিব এক নতুন অভিলেখ৷

বিশ্বৰ জনসংখ্যা হ’ব ৮০০ কোটি
এই হাৰত ২০৩০ত বিশ্বৰ জনসংখ্যা হ’ব ৮.৫ বিলিয়ন
২০২৩তে ভাৰতৰ জনসংখ্যাই অতিক্ৰম কৰিব চীনক

বিশ্ব জনসংখ্যা ২০২২ৰ প্ৰতিবেদনত প্ৰকাশ পোৱাত স্পষ্ট হৈছে এই তথ্য৷ উদ্বেগজনক কথাটো হৈছে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ৷

বৰ্তমান ভাৰতৰ জনসংখ্যা ১৩৯ কোটি
চীনৰ জনসংখ্যা ১৪১ কোটি
মাত্ৰ ২০ লাখ লোকৰ পাৰ্থক্য আছে দুয়োখন দেশৰ মাজত

এখন উন্নয়নশীল দেশ হিচাপে ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ উদ্বেগৰ কাৰণ৷ বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবঢ়া ভাৰতে তৃতীয় বিশ্বৰ পৰা দ্বিতীয় বিশ্বলৈ উন্নীত হৈছিল৷ কিন্তু অত্যাধিক জনসংখ্যাই বাধাৰ প্ৰচীৰ হৈ পৰিছে ভাৰতৰ বাবে৷

ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ কি?

চুবুৰীয়া দেশসমূহৰ পৰা হোৱা প্ৰব্ৰজন ভাৰতৰ বাবে সমস্যা হৈ পৰিছে৷ চৰকাৰী নীতিৰো ঋণাত্মক প্ৰভাৱ পৰিছে৷

ChinaDA News PlusIndiaPopulation
Comments (0)
Add Comment