আজি কাতি বিহু

ডিজিটেল ডেস্কঃ তুলসীৰ তলে তলে মৃগ পহু চৰে৷ তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে৷ আজি কাতি বিহু৷ দুটাকৈ বানে গৰকি যোৱা ৰাজ্যবাসীয়ে আজি উদযাপন কৰিব কাতি বিহু৷ আকাশ বন্তি জ্বলাই তুলসীৰ্ তলত চাকি দি কামনা কৰিব শস্যৰ শ্ৰীবৃদ্ধি৷

অভাৱ অনাটনৰ মাজত জুৰুলা হৈ পৰা কৃষিজীৱি অসমীয়া সমাজৰ বাবে কাতি বিহু মানেই আনন্দৰ দিন। পথাৰৰ সেউজসেৰীয়া ধাননি ডৰাক ৰক্ষা কৰি বছৰ জোৰা শ্ৰমৰ সাৰ্থকতা বিচাৰি কাতি বিহুৰ দিনা সমগ্ৰ অসমীয়া ৰাইজে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায়। আমি Da NEWS PLUSৰ ফালৰ পৰা ৰাজ্যবাসীক জনাইছো কাতি বিহুৰ ওলগ৷

DA News PlusKati Bihu
Comments (0)
Add Comment