শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখতেই ঘিলাধাৰী আৰক্ষী থানাৰ সুৰাপায়ী OC-ৰ গুণ্ডাগিৰি

ডিজিটেল ডেস্ক : আৰক্ষীৰ বিৰুদ্ধে এইবাৰ আৰক্ষীৰ গুণ্ডাগিৰি। হয়, এই ঘটনা সংঘটিত হৈছে উজনি অসমৰ গোলাঘাট জিলাত। গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাৰ OC-এ প্ৰহাৰ কৰিলে নিজ থানাৰেই আৰক্ষী গাড়ীচালকক। ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে সুৰাৰ ৰাগীত মাতাল হৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে গৃহৰক্ষী বিভাগৰ গাড়ীচালকক। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছে পাপু সোণোৱাল নামৰ গাড়ীচালকজন।

ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈ

মঙ্গলবাৰে নিশা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল হৈ SSB জোৱানৰ সৈতে অকাৰণতে কাজিয়াত লিপ্ত হয় ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈ। কাজিয়া ভয়ংকৰ হোৱাৰ উমান পাই আৰক্ষী থানাৰ চালকজনে ভাৰপ্ৰাপ্ত বিষয়াজনক বুজনি দিয়াৰ চেষ্টা চলায়, কিন্তু সেই কথাতে খৰ্গহস্ত হৈ সুৰাপায়ী OC ৰাজেশ্বৰ গগৈয়ে বেয়াকৈ মাৰধৰ কৰে চালক পাপু সোণোৱালক। কেৱল মাৰপিটতে ক্ষান্ত নাথাকি পাছত আৰক্ষী থানালৈ আনি চালকজনক OC-এ চোচৰাই ল’কআপত সোমোৱাই মূৰত পিস্তল লগাই প্ৰাণে মৰাৰো ভাবুকি দিয়ে।

আঘাতপ্ৰাপ্ত আৰক্ষী গাড়ীচালক পাপু সোণোৱাল

সুৰাপায়ী OC-ৰ প্ৰহাৰত হাত আৰু ডিঙিত গুৰুতৰভাৱে আঘাত পাই বৰ্তমান চিকিৎসকৰ কাষ চাপিছে চালক গৃহৰক্ষী বাহিনীৰ জোৱান পাপু সোনোৱাল। ইফালে মাৰপিটত লিপ্ত হোৱা সুৰাসক্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈৰ নেমপ্লেট আৰু আৰক্ষীৰ বেজ পৰি থাকিল আঠখেলীয়া নামঘৰৰ চৌহদতে। আৰক্ষীয়ে আৰক্ষীক প্ৰহাৰ কৰি সমগ্ৰ বিভাগটোকে লজ্জানত কৰাৰ পাছত উদ্ধৰ্তম কৰ্তৃপক্ষই এতিয়া কি ব্যৱস্থা ল’ব সেইয়া হ’ব লক্ষণীয়।

আঠখেলীয়া নামঘৰৰ চৌহদত উদ্ধাৰ হোৱা আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈৰ নেমপ্লেট
Comments (0)
Add Comment