গ্ৰেট ব্ৰিটেইনৰ প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথৰ আজি শেষকৃত্য

ডিজিটেল ডেস্কঃ গ্ৰেইট ব্ৰিটেইনৰ প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথৰ আজি শেষকৃত্য৷ লণ্ডনৰ বিখ্যাত ৱেষ্টমিনষ্টাৰ এবীট আজি সম্পন্ন হ’ব প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথৰ শেষকৃত্য৷ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুকে ধৰি কমনৱেলথৰ উপৰি বিভিন্ন দেশৰ প্ৰায় ৫০০ নেতা, মুৰব্বী এই শেষকৃত্যত উপস্থিত থকাৰ কথা৷ কূটনৈতিক সম্পৰ্কজনিত কাৰণত ইৰাণ, নিকাৰাগুৱা আৰু উত্তৰ কোৰিয়া আদিৰ শীৰ্ষ নেতৃত্বৰ পৰিৱৰ্তে ৰাষ্ট্ৰদূতকহে আমন্ত্ৰণ জনোৱা হৈছে এই শেষকৃত্য অনুষ্ঠানলৈ৷ ৰাছিয়া আৰু বেলাৰুছৰ লগতে আফগানিস্তান, ম্যানমাৰ, ছিৰিয়া আৰু ভেনেজুৱেলাৰ নেতৃবৰ্গ অথবা ৰাষ্ট্ৰদূত কাকোৱেই নিমন্ত্ৰণ জনোৱা হোৱা নাই এই শেষকৃত্যলৈ৷

DA News PlusDeathQueen Elizabeth II
Comments (0)
Add Comment