ৰঙা ক্ৰেটা বাহনেৰে ছিণ্ডিকেটৰ ডাম্পাৰক সুৰক্ষা দিয়া কোন এই আলম শ্বেখ

ডিজিটেল ডেস্কঃ Da NEWS PLUSত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পিছত গা লৰিছিল ধুবুৰী জিলা প্ৰশাসনৰ৷ কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰীৰ সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰলৈ নিতৌ শিলভৰ্তি অভাৰলোডেত ডাম্পাৰ চলাৰ বাতৰি পৰিৱেশন কৰা হৈছিল Da NEWS PLUSত৷ ধাৰাবাহিকভাৱে এই সম্পৰ্কত সম্প্ৰচাৰ কৰা হৈছিল বাতৰি৷ তামাৰহাটৰ আলেপ, লতিফ, হাছিনুজামান ওৰফে ৰাজু আৰু ৰফিকুল ইছলামে কোকৰাঝাৰ আৰু ধুবুৰীৰ আৰক্ষী তথা পৰিবহণ বিভাগক মেনেইজ কৰি চলাই আহিছিল এই ছিণ্ডিকেট৷

আমাৰ বাতৰিৰ প্ৰভাৱতে ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে তামাৰহাটৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই ৯খন অভাৰলোডেড ডাম্পাৰ জব্দ কৰাৰ লগতে ৩ লাখ ৯৮ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰিছিল৷ কিন্তু তথাপিও নিয়ন্ত্ৰণলৈ অহা নাই ছিণ্ডিকেট চক্ৰ৷

বৃহস্পতিবাৰে নিশা পুনৰ শ্ৰীৰামপুৰৰ পৰা ৭খন শিলভৰ্তি অভাৰলোডেড ডাম্পাৰে সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰলৈ গতি কৰে৷ আলম শ্বেখ নামৰ এজনে ৰঙা ৰঙৰ এখন ক্ৰেটা গাড়ীৰে সুৰক্ষা দি লৈ যায় এই ডাম্পাৰকেইখন৷ কাৰ বলত বলীয়ান হৈ এই আলম শ্বেখে আৰক্ষীক প্ৰত্যাহ্বান জনাবলৈ ওলাইছে সেই লৈ এতিয়া উঠিছে বহু প্ৰশ্ন৷

DA News PlusDumperSyndicate
Comments (0)
Add Comment