অসমৰ হেমন্ত নাথলৈ ‘প্ৰগতিশীল কাঠফুলা খেতিয়ক’ ৰাষ্ট্ৰীয় বঁটা

ডিজিটেল ডেস্ক : অখিল ভাৰতীয় সমন্বিত কাঠফুলা গৱেষণা প্ৰকল্প, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কেন্দ্ৰৰ পৰা মনোনীত কাঠফুলা খেতিয়ক হেমন্ত নাথে সৰ্বভাৰতীয় পৰ্যায়ৰ ‘প্ৰগতিশীল কাঠফুলা খেতিয়কৰ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। কাঠফুলাৰ খেতিৰ প্ৰতি থকা বিশেষ অৱদানৰ বাবে হিমাচল প্ৰদেশত অৱস্থিত ‘কাঠফুলা খেতিৰ গৱেষণা সঞ্চালকালয়’ তৰফৰ পৰা নাথক এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। হিমাচল প্ৰদেশৰ চলানত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাঠফুলা মেলাত দেশৰ আন ছয়গৰাকী নিৰ্বাচিত পুৰুষ তথা মহিলা কাঠফুলা খেতিয়কৰ সৈতে হেমন্ত নাথক এই বঁটা প্ৰদান কৰা হয়।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নলবাৰী জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰাৰম্ভিক অৱস্থাত কাঠফুলা সম্বন্ধীয় কাৰিকৰী তথা ব্যৱহাৰিক জ্ঞান আহৰণ কৰা হেমন্ত নাথ নলবাৰী জিলাৰ বৰঝাৰ অঞ্চলৰ উদীয়মান যুৱ কৃষক । অসমৰ খেতিয়কৰ এনে সাফল্যই, অসমত কাঠফুলাৰ খেতিৰ প্ৰসাৰ ঘটোৱাৰ দিশত অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে ।
আনহাতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মূল চৌহদত ৭-৯ ছেপ্তেম্বৰলৈ প্ৰথমবাৰৰ বাবে কাঠফুলাৰ বীজ উৎপাদনৰ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠানত শস্য ৰোগ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° পলাশ দেৱনাথে ভাষণ প্ৰসংগত অসম কৃষি বিশ্ববিদ্যালয়ে কাঠফুলা খেতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে এই প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে।

সহকাৰী অধ্যাপক শ্ৰী অপূৰ্ব দাসে আঁত ধৰা অনুষ্ঠানটোত উদ্যান বিজ্ঞান বিভাগৰ অধ্যাপক ড° নিলয় বৰাও উপস্থিত থাকি বক্তব্য আগবঢ়ায়। এই তিনিদিনীয়া প্ৰশিক্ষণত যোৰহাট জিলাৰ ১৭ গৰাকী নিৰ্বাচিত কাঠফুলা খেতিয়কক শেহতীয়া প্ৰযুক্তিৰে কাঠফুলাৰ বীজ উৎপাদনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় । ফাৰ্মাৰ ফাৰ্ষ্ট আঁচনি আৰু কাঠফুলা সম্বন্ধীয় সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্পৰ দ্বাৰা আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত উন্নতমানৰ কাঠফুলাৰ বীজ উৎপাদনৰ জৰিয়তে কেনেকৈ অধিক লাভান্বিত হ’ব পাৰি সেই সম্পৰ্কে বিশেষ প্ৰশিক্ষণ দিয়া হয়। সহকাৰী অধ্যাপক শ্ৰী অপূৰ্ব দাসৰ পৰিচালনাত এই প্ৰশিক্ষণ অনুষ্ঠিত হয়।

Comments (0)
Add Comment