কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত দুই শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক-গৱেষক বিজ্ঞানীক বিশেষ সম্বৰ্ধনা

ডিজিটেল সংবাদ, যোৰহাটঃ শিক্ষাৰ দিশত সঠিক গৱেষণা আৰু উদ্ভাৱনী ধাৰণাৰে অনুপ্ৰাণিত কৰিব পৰাকৈ শিক্ষাদান কৰি শিক্ষাৰ্থীৰ সম্ভাৱনাক শক্তিলৈ পৰিবৰ্তিত কৰিব লাগিব। জ্ঞান হ’ল সংৰক্ষিত শক্তি আৰু সেই শক্তি আহৰণৰ দিশত সঠিক পদ্ধতিগত শিক্ষাৰে শিক্ষক সমাজে ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিব লাগিব। যোৰহাটৰ কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুল চৌহদত আজি অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই মত ব্যক্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই।

গুৰু বন্দনা শীৰ্ষক এই কাৰ্যসূচীত ভাষণত লগতে কয় যে, গুৰুৰ অৱদানক সুৱৰি গুৰু দক্ষিণা স্বৰূপে এই অনুষ্ঠানৰ জৰিয়তে আমিও আনন্দিত হৈছো। এই কাৰণেই যে আমাৰ গুৰুৰ ত্যাগৰ বাবেই আমি এই অৱস্থাত উপনীত হৈছো। প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি গুৰুৱে কেৱল শিক্ষা দিয়াই নহয় সঠিক পথ দেখুৱাই প্ৰকৃত মানৱ হিচাপে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে। সেয়ে আমাৰ কৰ্তব্য হল শিক্ষকক সন্মান কৰা আৰু গুৰুত্বপূৰ্ণ ভাৱধাৰাৰে নিজকে আগুৱাই নিয়া। বন্তি প্ৰজ্বলন আৰু সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আদৰণি ভাষণ আগবঢ়াই কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই।

এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মুল চৌহদত শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক – গৱেষক বিজ্ঞানীক সন্মানিত কৰা হয়। অসমৰ বিভিন্ন স্থানৰ কৃষি বিজ্ঞান কেন্দ্ৰ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ সমুহতো গুৰু বন্দনাৰ কাৰ্যসূচীৰ জৰিয়তে দুই শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক-গৱেষক বিজ্ঞানীক সন্মানিত কৰা হয়। বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভৰালৰ চীফ লাইব্ৰেৰীয়াৰ ড° চন্দন হাজৰিকাৰ লগতে বিশ্ববিদ্যালয়ৰ বিজ্ঞানগুৰুসকল, সঞ্চালকসকল, বিশেষ বিষয়াসকল, বিভাগীয় মুৰব্বীসকল, অধ্যাপকসকল, গৱেষক বিজ্ঞানীসকল উপস্থিত থাকে।

Assam Agriculture UniversityDA News Plus
Comments (0)
Add Comment