হাত-ভৰি বান্ধি কিয় উপৰ্যুপৰি প্ৰহাৰ এগৰাকী মহিলাক?

ডিজিটেল ডেস্কঃ এফালে পৰিকল্পিত ধৰ্ষণৰ অভিযোগ, আনফালে বেয়া চৰিত্ৰৰ বুলি স্বামী পৰিয়ালৰ নিৰ্যাতন৷ কৰিমগঞ্জৰ বদৰপুৰ ঘাটত এনে এক পৰিস্থিতিত পৰিছে এগৰাকী মহিলা৷ হাত-ভৰি বান্ধি ইজনৰ পিছত সিজনে প্ৰহাৰ কৰিলে এই মহিলাগৰাকীক৷ কোনো কোনোৱে আকৌ এই কাণ্ডৰ ভিডিঅ’ ৰেকৰ্ডিঙো কৰিলে৷ মহিলাগৰাকীৰ অভিযোগ কিছুদিন পূৰ্বে অকলে থকা অৱস্থাত এজন লোকৰ দ্বাৰা ধৰ্ষণ কৰোৱা হৈছিল তেওঁক৷ এই কাণ্ডৰো পৰিয়ালে ভিডিঅ’ ৰেকৰ্ডিং কৰা বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে৷ এই মহিলাগৰাকী এতিয়া ন্যায় বিচাৰি ওচৰ চাপিছে আদালতৰ৷ আৰক্ষীৰ তদন্ততহে এই সমস্ত কাণ্ডৰ ৰহস্য পোহৰলৈ অহাৰ আশা কৰা হৈছে৷

DA News PlusWomen Harassment
Comments (0)
Add Comment