CWGত হৰমনপ্ৰীত বাহিনীৰ জয়ৰ ধাৰা অব্যাহত

ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছৰ T-20 ক্ৰিকেটত জয়ৰ ধাৰা আব্যাহত ৰাখিছে ভাৰতৰ নাৰী দলে৷ বাৰ্বাডোজক ১০০ ৰানত পৰাস্ত কৰিলে হৰমনপ্ৰীত বাহিনীয়ে৷ প্ৰথমে বেটিং কৰি ভাৰতে জেমাইমা ৰড্ৰিগজৰ অপৰাজিত ৫৬, শেফালি বাৰ্মাৰ ৪৩ আৰু দিপ্তী শৰ্মাৰ অপৰাজিত ৩৪ ৰানৰ সহায়ত ৪ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৪ ৰান৷ প্ৰত্যুতৰত ৮ উইকেটত ৬২ ৰানতে সামৰণি পৰে বাৰ্বাডোজৰ ইনিংছ৷ ৰেণুকা সিং ঠাকুৰে ৪টা, মেঘনা সিং, স্নেহ ৰাণা, ৰাধা যাদৱ, হৰমনপ্ৰীত কৌৰে একোটাকৈ উইকেট দখল কৰে৷

CommonwealthgamesCricketDA News PlusIndia
Comments (0)
Add Comment