বৰপেটাত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট

ডিজিটেল ডেস্কঃ বৰপেটাৰ কলগাছিয়াৰ ৰামপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট৷ দুটা পৰিয়ালৰ মাজত লগা সংঘাতত আহত হ’ল ৭গৰাকী৷ গাঁওখনৰ ছিদ্দিক আলী নামৰ লোকজনে প্ৰয়াত ভাতৃ ইন্তাজ আলীৰ পৰা বহু বছৰ পূৰ্বে কিনিছিল এবিঘা মাটি৷ কিন্তু এই মাটিৰ নথি-পত্ৰ প্ৰস্তুত কৰা হোৱা নাছিল৷

এই মাটি ছিদ্দিক আলীয়ে ভোগ কৰি আহিছিল যদিও ইন্তাজ আলীৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানে ছিদ্দিক আলীক এই মাটি দিবলৈ অমান্তি হয়৷ যোৱা সন্ধিয়া ইন্তাজ আলীৰ পৰিয়ালৰ লোকে ছিদ্দিক আলীৰ ঘৰত প্ৰৱেশ কৰি চলালে আক্ৰমণ৷ আহত হ’ল পুৰুষ-মহিলাসহ ৭গৰাকী৷ আহতসকলৰ ৩জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷

AssamBarpetaDA News PlusTense
Comments (0)
Add Comment