ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ কৰিছে টীম ইণ্ডিয়াই৷ ত্ৰিনিদাদ এণ্ড টবাগোৰ প’ৰ্ট অব স্পেইনত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ৱেষ্ট ইণ্ডিজক ৩ ৰানত পৰাস্ত কৰিলে ভাৰতে৷ প্ৰথমে বেটিং কৰি ভাৰতে অধিনায়ক শিখৰ ধৱনৰ ৯৭, শুভমন গীলৰ ৬৪ আৰু শ্ৰেয়ছ আয়াৰৰ ৫৪ ৰানৰ সহায়ত ৭ উইকেটত সংগ্ৰহ কৰে ৩০৮ ৰান৷ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে ৬ উইকেট হেৰুৱাই নিৰ্ধাৰিত অভাৰত সংগ্ৰহ কৰে ৩০৫ ৰান কৰোঁতেই সামৰণি পৰে মেচখন৷ শিখৰ ধৱনে লাভ কৰে প্লেয়াৰ অব দ্য মেচৰ সন্মান৷ মহম্মদ ছিৰাজ, ছাৰ্দুল ঠাকুৰ আৰু য়ুজবেন্দ্ৰ চহলে লাভ কৰে দুটাকৈ উইকেট৷ এই জয়েৰে তিনিখনীয়া ছিৰিজটোত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিলে ভাৰতে৷

CricketDA News PlusIndiaWest Indies
Comments (0)
Add Comment