গোলাঘাটৰ বাদুলীপাৰত ওলাইছে তেল চোৰ

ডিজিটেল ডেস্কঃ তেলৰ পাইপলাইন ফুটাই খাৰুৱা তেল চুৰি৷ গোলাঘাটৰ বাদুলীপাৰৰ উজনি বহুপথাৰ গাঁৱত দুৰ্বৃত্তই এইদৰে চুৰি কৰিলে খাৰুৱা তেল৷ দুলীয়াজানৰ পৰা বিহাৰৰ বাৰাউনীৰ শোধনাগাৰ সংলগ্ন অইল ইণ্ডিয়াৰ পাইপ ফুটাই দুৰ্বৃত্তই দীৰ্ঘদিনৰে পৰা তেল চুৰি কৰি থকাৰ কথা এতিয়া পোহৰলৈ আহিছে৷

মাটিৰ তলৰ পাইপত দুটাকৈ ভাল্ভ লগাই দীৰ্ঘদিনৰে পৰা দুৰ্বৃত্তই চুৰি কৰি আহিছে তেল৷ এই তেল চুৰিত শক্তিশালী দুষ্টচক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

DA News PlusDergaonOILThief
Comments (0)
Add Comment