গুৱাহাটী কন্যা মহাবিদ্যালয়ৰ উদ্যোগত দুৰ্গতজনক সহায়ৰ বাবে বিশেষ পদক্ষেপ

ডিজিটেল ডেস্কঃ মহানগৰীৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী কন্যা মহাবিদ্যালয়ৰ উদ্যোগত দুৰ্গতজনক সহায়ৰ বাবে বিশেষ পদক্ষেপ৷ মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰৰ পাটৰকুছিৰ খামৰেংগা এলেকাত বানত সৰ্বস্ব হেৰুওৱা অসংখ্য দুৰ্গত পৰিয়ালক কন্যা মহাবিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হয় সাহায্য৷

একেলগে এলানি গঠনমূলক কৰ্যসূচীও ৰূপায়ণ কৰা হয় অঞ্চলটোত৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সত্যজিত কলিতাৰ উদ্যোগত শিক্ষক আৰু শিক্ষাৰ্থীৰ এটা দলে বানসাহায্য প্ৰদান কৰাৰ লগতে পৰিৱেশ সজাগতা সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰে৷ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণত ইতিহাস বিভাগৰ মুৰব্বী তথা পৰিৱেশ বিজ্ঞানৰ তত্বাৱধায়ক গুপ্তজিত পাঠকে ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণ প্ৰদান কৰে৷

DA News PlusRelief
Comments (0)
Add Comment