ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ছিৰিজ দখল কৰিলে ভাৰতে

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজ দখল কৰাৰ পিছত এদিনীয়া ছিৰিজো দখল কৰিলে ভাৰতে৷ মানচেষ্টাৰৰ এমিৰেটছ অ’ল্ড ট্ৰাফৰ্ডত অনুষ্ঠিত ছিৰিজৰ তৃতীয় তথা নিৰ্ণায়ক মেচত ৫ উইকেটত ইংলেণ্ডক পৰাস্ত কৰি ছিৰিজ দখল কৰিলে ৰোহিত শৰ্মা বাহিনীয়ে৷ প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৪৫ অভাৰ ৫টা বলত সকলো উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে৷ হাৰ্দিক পাণ্ড্যাই ৪টা, চহলে ৩টা, মহম্মদ ছিৰাজে দুটা আৰু ৰবীন্দ্ৰ জাদেজাই ১টা উইকেট দখল কৰে৷ ২৬০ ৰানৰ লক্ষ্য লৈ ইনিংছ আৰম্ভ কৰি সমস্যাত পৰে ভাৰতীয় দল৷ প্ৰথম তিনিটা উইকেট কম ৰানতে সমাপ্তি ঘটে৷

একালৰ তাৰকা কোহলি এইখন মেচতো ব্যৰ্থ হয়৷ কিন্তু ঋষভ পণ্ট আৰু হাৰ্দিক পাণ্ড্যাৰ বেটিঙে জয়ৰ লক্ষ্যত উপনীত কৰায় দলক৷ ৪২ অভাৰ ১টা বলত ৫ উইকেট হেৰুৱাই নিৰ্ধাৰত লক্ষ্যত উপনীত হয় টীম ইণ্ডিয়া৷ পণ্টে ১১৩টা বলত ১২৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে৷ পাণ্ড্যাই ৫৫টা বলত সংগ্ৰহ কৰে ৭১ ৰান৷ ঋষভ পণ্টে লাভ কৰে প্লেয়াৰ অব দ্য মেচৰ সন্মান৷ হাৰ্দিক পাণ্ড্যাই লাভ কৰে প্লেয়াৰ অব দ্য ছিৰিজৰ সন্মান৷

CricketDA News PlusEnglandIndia
Comments (0)
Add Comment