এতিয়াৰে পৰা সংসদত যিকোনো শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব সাংসদে

সংসদৰ অধিৱেশনত কিছুমান শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব সাংসদে৷ লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন চলি থকাৰ সময়ত সাংসদসকলে ব্যৱহাৰ কৰিব নোৱাৰিব যিকোনো শব্দ৷ এই ক্ষেত্ৰত তৎপৰ হৈ পৰিছে মোদী চৰকাৰ৷ কেইবাটাও শব্দ প্ৰয়োগৰ ক্ষেত্ৰত লোকসভা সচিবালয়ৰ তৰফৰ পৰা জাৰি কৰা হৈছে নিষেধাজ্ঞা৷

লজ্জাজনক, বিশ্বাসঘাতকতা, দুৰ্নীতিগ্ৰস্ত, নিৰ্যাতন, অযোগ্য, ভণ্ডামী, শকুনি, নৈৰাজ্যবাদী, স্বৈৰাচাৰী, খলিস্তানী আদি শব্দ সংসদৰ অধিৱেশনত ব্যৱহাৰ কৰিব নোৱাৰিব কোনো সাংসদে৷

DA News PlusParliament
Comments (0)
Add Comment