পৰকীয়া প্ৰেমঃ ভিনিয়েকৰ বন্দুকৰ গুলীত আহত খুলশালী

ডিজিটেল সংবাদ, হাজোঃ কামৰূপৰ বংশৰত গুলীচালনাৰ ঘটনা। ভিনিয়েকৰ বন্দুকৰ গুলীত আহত খুলশালী ৰমেন দাস। ৰমেন দাসৰ ভিনিয়েক পৰেশ কলিতাৰ এই গুলীচালনা। পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনাৰ সন্দেহ। বায়েকক মাৰপিট কৰাত ভিনিয়েকৰে কাজিয়াৰ সূত্ৰপাত।

দুয়োৰে কাজিয়াৰ মাজতে এয়াৰ গানেৰে গুলীয়ালে খুলশালীক।সংঘাতত পৰেশ কলিতাও দাৰ ঘাপত গুৰুতৰভাৱে আহত। বৰ্তমান GMCHত চিকিৎসাধীন গুলীবিদ্ধ ৰমেন দাস।ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল।

DA News PlusFiringHajo
Comments (0)
Add Comment