কিয় বাৰে বাৰে আৰক্ষী থানাৰ কাষতে জ্বলে জব্দ কৰা ট্ৰাক?

ডিজিটেল ডেস্কঃ পুনৰ কোকৰাঝাৰত গাঞ্জা সৰবৰাহ কৰা ট্ৰাকত অগ্নিসংযোগ। শিমুলটাপু আৰক্ষী চকীৰ সমীপতে অগ্নিসংযোগ দুৰ্বৃত্তৰ। সোমবাৰে প্ৰায় ৫০ লাখ টকাৰ গাঞ্জাসহ জব্দ কৰিছিল ট্ৰাকখন। ট্ৰাকখনত লুকুৱাই আনিছিল ৪০ পেকেটত ৪৯৭ কেজি গাঞ্জা।

আটক কৰিছিল ট্ৰাকখনৰ চালক বিহাৰৰ গোবিন্দ কুমাৰ ঝাক। আগৰতলাৰ পৰা বিহাৰলৈ নিব খোজা হৈছিল গাঞ্জাখিনি। তথ্য নষ্ট কৰাৰ বাবে দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ আৰক্ষীৰ।

৮ জুলাইতো আৰক্ষী চকীৰ সমীপতে ঘটিছিল অনুৰূপ ঘটনা।দুৰ্বৃত্তই পুৱতি নিশা জ্বলাই দিছিল গাঞ্জাসহ জব্দ কৰা এখন ট্ৰাক। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল প্ৰায় ১ কোটি টকাৰ গাঞ্জা।

DA News PlusPoliceSeizeTruck
Comments (0)
Add Comment