দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন: উত্তৰ-পূবত নিৰ্বাচনী প্ৰচাৰ দ্ৰৌপদী মূৰ্মুৰ

ডিজিটেল ডেস্ক: আগন্তুক দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টী আৰু সহযোগী দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু নিৰ্বাচনী প্ৰচাৰৰ বাবে বুধবাৰে শ্বিলং, ডিমাপুৰ আৰু ইটানগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত ৰাজ্যৰ সাংসদ, বিধায়কৰ সৈতে বৈঠকত মিলিত হ’ব NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী। বিজেপি মিত্ৰদলৰ প্ৰতিগৰাকী সাংসদ, বিধায়কো উপস্থিত থাকিব এই বৈঠকত৷

আজি দিনটোতেই পুৱা প্ৰায় দহ বজাত লক্ষীমপুৰ লীলাবাৰীৰ পৰা হেলিকপ্টাৰযোগে ইটানগৰৰ ৰাজভৱন হেলিপেডত উপস্থিত হয় ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকী।

অৰুণাচলৰ পৰা পোনে পোনে মেঘালয়ৰ উমৰ’ই বিমানবিন্দৰত উপস্থিত হয় মূৰ্মু।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যখনৰ আন বহু মন্ত্ৰী-বিধায়কে মূৰ্মুক উষ্ণ আদৰণি জনায়। মেঘালয়ৰ মুখ্যমন্ত্ৰী, বিধায়কৰ উপস্থিতিত আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট বিচাৰে দ্ৰৌপদী মূৰ্মুয়ে।

AssamConrad SangmaDA_News_PlusDraupadi MurmuSarbananda Sonowal
Comments (0)
Add Comment