বান গৈছে, চকুলো বৈছে, মনবোৰ সেমেকা হৈ ৰৈছে…

শুকাইছে পানী…
শুকুৱা নাই বন্যাৰ্তৰ চকুলো
বিধ্বস্ত বাট-পথে জ্বলাকলা খুৱাইছে জনসাধাৰণক
এতিয়াও বোকাত পোত গৈ আছে ঘৰখন

ৰাজ্যত বান পৰিস্থিতি কিঞ্চিৎ উন্নত হৈছে৷ বানেধোৱা প্ৰায়বোৰ অঞ্চলতে পানী শুকাইছে, কিন্তু বানাক্ৰান্তৰ মাজত হাহাকাৰময় পৰিৱেশ৷ বানত বুৰ যোৱা প্ৰায়বোৰ জিলাৰ বাট-পথত এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাঁত৷ এই দৃশ্য গহপুৰৰ৷ চত্ৰং নদীৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰিলে জিলাখনৰ কেইবাটাও মথাউৰি৷ নদীৰ পলস আৰু বালিয়ে পুতিলে কৃষকৰ সপোনৰ পথাৰখন৷ ছিগা মথাউৰিত বাঁহৰ সাঁকো বনাই পাৰ হৈছে সৰ্বসাধাৰণ৷

ৰহাত কলং-কপিলীৰ বলীয়া বানে বিধ্বস্ত কৰিলে প্ৰায়বোৰ অঞ্চল৷ মথাউৰি ছিঙি সোমোৱা বানে প্ৰায়বোৰৰে ঘৰৰ চোতালত সৃষ্টি কৰিলে পুখুৰীসদৃশ গাঁতৰ৷ মথাউৰিৰ ওপৰেৰে বাঁহত কেইচটামান তক্তা বান্ধি এনেদৰে বিপদসংকুলভাৱে পাৰ হৈছে জনসাধাৰণ৷

ৰঙিয়াত বানে বিধ্বস্ত কৰা পথৰ কাষত ৰৈ ৰাইজৰ প্ৰতিবাদ৷ বানে ৰঙিয়া-গোৰেশ্বৰ সংযোগী পথছোৱা ছিঙি পেলোৱাত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে৷ পথছোৱাৰ প্ৰায়বোৰ ঠাইতেই দ খাৱৈ৷ পুখুৰীনে বিল ধৰিবই নোৱাৰিব আপুনি৷ ৰাস্তাতে জাল মাৰি মাছ ধৰিছে একাংশ জনতাই৷

বাক্সাত পাগলাদিয়াৰ বাঢ়নী পানীয়ে ভাৰত-ভূটান সীমান্ত সংযোগী পথছোৱা ছিঙি পেলোৱাত যোগাযোগ বিচ্ছিন্ন কেইবাখনো গাঁৱৰ৷ বাঢ়নী পানীয়ে ছিঙিলে সুৱণখাটা-পশ্চিম পাটকিজুলি সংযোগী পথ৷ সোণাজুলীত পানীয়ে উটুৱাই নিলে কালভাৰ্টৰ লগতে পথটোৰ কেইবাটাও অংশ৷

দক্ষিণ শালমাৰা মানকাচৰত বাঢ়নী পানীয়ে নিমিষতে চাৰখাৰ কৰিলে বহু কৃষকৰ সপোন৷ মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ ঢলত উটি অহা শিল-বালিয়ে পুতি পেলালে শ শ বিঘা কৃষিভূমি৷ সেউজীয়া পথাৰস্থলীত এতিয়া যিমান দূৰলৈকে চকু পৰিব কেৱল মৰুভূমিৰ দৰে বালি আৰু বালি৷

এতিয়াও ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলত৷ বানত ঘৰ-বাৰী হেৰুৱাই সৰ্বস্বান্ত হোৱা বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিৱেশ৷ বানে বুৰোৱা প্ৰায়বোৰ জিলাত আশ্ৰয় শিবিৰতে আবদ্ধ হৈ আছে বহু বানাক্ৰান্ত৷ আশ্ৰয় শিবিৰসমূহত খাদ্য, বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়াও হাহাকাৰ একাংশ বানাক্ৰান্তৰ৷ মুঠৰ ওপৰত চলিত বছৰত দুবাৰকৈ হোৱা বানে বিস্তৰ ক্ষতিসাধন কৰিলে ৰাজ্যৰ প্ৰায়বোৰ জিলাত৷

AssamDA News PlusFlood
Comments (0)
Add Comment