কাছাৰত দুৰ্গতক সহায়ৰ বাবে অহা মিজো প্ৰতিনিধিক দুৰ্ব্যবহাৰ

ডিজিটেল ডেস্কঃ কাছাৰত বানৰ মাজতে অথন্তৰ। দুৰ্গতক সহায়ৰ বাবে অহা মিজো প্ৰতিনিধিক দুৰ্ব্যবহাৰ। বাহন দুৰ্ঘটনাক লৈ প্ৰতিনিধি দলক আক্ৰমণৰ চেষ্টা। দুৰ্বৃত্তৰ দলৰ লগত জড়িত ৰাজা দাস নামৰ এজনক। কাছাৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰাজা দাসক।

সোণাইৰ আমজুৰঘাটৰ দাসপাৰাত সংঘটিত এই ঘটনা। আবেলি বানাক্ৰান্তক খোৱাপানী বিতৰণ মিজো প্ৰতিনিধিৰ। সেই সময়তে এখন বাইকৰে পানী অনা ট্ৰাকৰ সংঘৰ্ষ। লগে লগে একাংশ উদণ্ড যুৱকৰ চৰম দুৰ্ব্যৱহাৰ।

ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ। সোণাইত তৎকালে উপস্থিত কাছাৰৰ SP ৰমনদীপ কৌৰ।
শিলচৰলৈ ৰাওনা হৈছে মিজোৰাম প্ৰশাসনৰ প্ৰতিনিধি দল।

Assam FloodCacharFloodMizoram
Comments (0)
Add Comment