চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ সন্মুখতে অভিযুক্তক প্ৰহাৰ

ডিজিটেল ডেস্কঃ চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ সন্মুখতে অভিযুক্তক প্ৰহাৰ। বলাৎকাৰত অভিযুক্ত এজন লোকক ক্ষুব্ধ লোকৰ গণপ্ৰহাৰ। সাংবাদিকৰ তৎপৰতাত লোকজনক উদ্ধাৰ কৰে আৰক্ষীয়ে। মুমূৰ্ষু অৱস্থাত বলাৎকাৰীটোক কাজলগাঁৱৰ হাস্পতালত ভৰ্তি।

বলাৎকাৰত অভিযুক্ত লোকজনৰ নাম বাহাৰুল মণ্ডল ওৰফে হলৈ। পিষ্টল দেখুৱাই ৩ সন্তানৰ এগৰাকী মাতৃক বলাৎকাৰৰ অভিযোগ। বাসুগাঁও থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে।

দেওবাৰে নিশা বলাৎকাৰ কাণ্ড সংঘটিত কৰি বাহাৰুলৰ পলায়ন। সোমবাৰে বিয়লি কোকৰাঝাৰৰ ছালাকাটিত আটক কৰে ৰাইজে। মটৰচাইকেলেৰে নি থকাৰ সময়তে দোলোগাঁৱত কৰে গণপ্ৰহাৰ।

ChirangDA News PlusTense
Comments (0)
Add Comment