জলমগ্ন ৰাজ্য, সৎকাৰ কৰিবলৈয়ো ঠাই নাই, পথৰ দাঁতিতে সৎকাৰ মৃতদেহ

ডিজিটেল ডেস্কঃ জলমগ্ন ৰাজ্য৷ বানৰ মাজতে ঘটিছে ভয়ংকৰ অঘটন৷ ঠায়ে ঠায়ে মৃতদেহ সৎকাৰ কৰিবলৈয়ো ওখ ঠাইৰ অভাৱ৷ বান বিভীষিকাৰ কেইটামান দৃশ্য৷

জলমগ্ন ৰাজ্য
সৎকাৰ কৰিবলৈয়ো ঠাইৰ অভাৱ
পথৰ দাঁদিতে সৎকাৰ মৃতদেহ

বানৰ বাবে হাহাকাৰ ৰাজ্যবাসীৰ৷ ঘৰ-দুৱাৰ সকলো বুৰিল বানত৷ আপোনজনৰ মৃতদেহ সৎকাৰ কৰিবলৈয়ো বহু ঠাইত মাটিৰ অভাৱ৷ দৰঙৰ মঙলদৈৰ মাজিকুছিত গড়কাপ্তানী পথৰ দৃশ্য এয়া৷ এজন লোকৰ এইদৰেই পথৰ দাঁতিতেই সৎকাৰ কৰিবলগীয়া হৈছে৷

ৰঙিয়াত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা৷ বাঢ়নী পানীয়ে উটুৱাই লৈ গ’ল এখন ট্ৰেক্টৰ৷ চকুৰ সন্মুখতে এক শিহৰণকাৰী ঘটনা৷ ট্ৰেক্টৰ চালকে পৰি যোৱা ট্ৰেক্টৰৰ চকাত উঠি কথমপি ৰক্ষা কৰিলে প্ৰাণ৷

ইফালে ডিব্ৰুগডডত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা ৪জন লোকৰ সন্ধানত অব্যাহত আছে NDRF বাহিনীৰ অভিযান৷ নাৱত থকা ৯জন লোকৰ ৫জন সাঁতুৰি ৰক্ষা পৰিল যদিও সন্ধানহীন হৈ আছে শংকৰ যাদৱ, শংকু কুৰ্মী, ধমেন দাস, কিষণ যাদৱ৷ ব্ৰহ্মপুত্ৰৰ পাৰত কেৱল আতংক৷

বৰাকতো বানৰ সংহাৰী ৰূপ৷ বৰাকত বানত বুৰিছে ৰায়পুৰ, মাণিকপুৰ আদি অঞ্চল৷ ঘৰ-দুৱাৰ সকলো পানীৰ তলত৷ নাৱেৰে উদ্ধাৰ কৰা হৈছে বন্যাৰ্তক৷ নৱজাতক, বয়োজ্যেষ্ঠসকলক উদ্ধাৰ কৰি নিয়া হৈছে নিৰাপদ স্থানলৈ৷

Assam FloodDA News PlusFlood
Comments (0)
Add Comment