জনতা ভৱনত গ্ৰন্থ উন্মোচনী অনুষ্ঠান, প্ৰকাশ পালে ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন’

ডিজিটেল ডেস্কঃ অসম তথা দেশৰ ৰাজনীতিৰ পথাৰত এগৰাকী দক্ষ,চতুৰ,পাৰদৰ্শী ৰাজনীতিবিদ হিচাপে পৰিচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয়বাৰলৈ অসমত বিজেপি চৰকাৰক শাসনৰ বাগজৰী ৰাইজে অৰ্পন কৰাৰ পিছত মুখ্যমন্ত্ৰী হিচাপে গুৰুদায়িত্ব ল’লে বাকপটু,প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাই। কেৱল নিজ ৰাজ্যতে নহয়,দেশৰো বিভিন্ন প্ৰান্তত নিজৰ বাকপটুতাৰে প্ৰতিজন লোকৰে প্ৰিয় নেতা হিচাপে পৰিগণিত হৈ পৰিছে ড° শৰ্মা।

ড° হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভা,অনুষ্ঠান,দিৱস আদিত নিজৰ ভাষণৰ মাজেৰে ৰাজ্যৰ সৰ্বাংগীন দিশ সামৰি বিগত সময়ত আগবঢ়াই আহিছে সাৰুৱা বক্তৃতা। মুখ্যমন্ত্ৰীগৰাকীৰ সেই সহস্ৰাধিক ভাষণৰ মাজৰ পৰাই ৩৫ টা বিশেষ প্ৰেৰণাদায়ক তথা গাম্ভীৰ্যপূৰ্ণ ভাষণ নিৰ্বাচিত কৰি প্ৰকাশ কৰা হৈছে এখন বিশেষ গ্ৰন্থ।

তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা এই গ্ৰন্থখনত মুখ্যমন্ত্ৰীৰ ৩৫ টা বিশেষ বক্তৃতাক গ্ৰন্থ আকাৰে একত্ৰিত কৰা হৈছে; য’ত বিভিন্ন সময়ৰ সামাজিক,ৰাজনৈতিক,সাংস্কৃতিক,অৰ্থনৈতিক আদি বিবিধ বিষয়ৰ তথ্যসমৃদ্ধ বিশ্লেষণ উল্লেখ আছে। বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত শুভ উন্মোচন কৰা হয় গ্ৰন্থখন।

মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন উন্মোচন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই

গ্ৰন্থখন উন্মোচন কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা দীঘলীয়া ৰাজনৈতিক জীৱনৰ অভিজ্ঞতা তথা লাভ কৰা সানিধ্য সম্বন্ধে নিজৰ ভাষণত প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মালিনী গোস্বামী, জ্যেষ্ঠ সাংবাদিক দিলীপ চন্দন আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থখন সম্বন্ধে ভাষণ আগবঢ়ায়। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বক্তৃতা সম্বলিত এই গ্ৰন্থখনে অসমৰ সমাজ জীৱনৰ বহু দিশত এক প্ৰেৰণা যোগাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Book ReleaseDA News PlusJanata Bhawan
Comments (0)
Add Comment