এছিয়ান কাপ ২০২৩লৈ যোগ্যতা অৰ্জন ভাৰতীয় ফুটবল দলৰ

ডিজিটেল ডেস্কঃ এছিয়ান কাপ ২০২৩লৈ যোগ্যতা অৰ্জন ভাৰতীয় ফুটবল দল৷ AFC এছিয়ান কাপৰ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাৰ পৰা আহিল এই সু-খবৰ৷ পেলেষ্টাইনে ফিলিপিন্ছক ৪-০ গ’লত পৰাস্ত কৰাৰ লগে লগে ভাৰতে এছিয়ান কাপ ২০২৩লৈ যোগ্যতা অৰ্জন কৰে৷ যোগ্যতা নিৰ্ণায়ক খেলত ভাৰতে কম্বোদিয়াক ২-০ গ’লত আৰু আফগানিস্তাক পৰাস্ত কৰে ২-১ গ’লৰ ব্যৱধানত৷

গ্ৰুপ ডিত ভাৰত বৰ্তমান ৬ পইণ্টেৰে দ্বিতীয় স্থানত আছে৷ মঙলবাৰে নিশা হংকঙৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনত জয়ী হ’লে গ্ৰুপৰ শীৰ্ষ স্থান দখল কৰিব ভাৰতে৷ উল্লেখ্য যে এছিয়া কাপত ২০১৯ৰ পিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে ভাৰতে৷

ASIAN CUPDA News PlusIndia
Comments (0)
Add Comment