NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ

ডিজিটেল ডেস্ক: NRCৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পুনৰ গোচৰ তৰিলে বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত প্ৰাক্তন সমন্বয়কজনৰ বিৰুদ্ধে ৰাজহুৱা ধন আত্মসাতৰ গোচৰ তৰিলে বৰ্তমানৰ সমন্বয়কগৰাকীয়ে।

সমন্বয়কগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, NRCৰ বাবে আবণ্টিত ধন আত্মসাত কৰি ডাটা এনট্ৰিৰ অপাৰেটৰক দিয়া পাৰিতোষিকৰ নামত কেলেংকাৰি কৰিছে প্ৰতীক হাজেলাই। ১৪,৫০০ৰ পৰা ১৭.৫০০ টকালৈ পাৰিতোষিক দিয়া বুলি দেখুৱাইছিল হাজেলাই। প্ৰকৃততে পাৰিতোষিক দিয়া হৈছিল মাত্ৰ ৫,৫০০ৰ পৰা ৯,১০০ টকাহে।

প্ৰাপ্ত খবৰ অনুসৰি, ২০১৫ৰ পৰা ২০১৯লৈ সংঘটিত হৈছিল এই কেলেংকাৰি। পাৰিতোষিকৰ বাবে পুঁজি দিয়া হৈছিল ১৫৫ কোটি ৮৩ লাখ টকা। মহাগাণনিকৰ অ’ডিট ৰিপ’ৰ্টত প্ৰকাশ পাইছে এই তথ্য।

হাজেলাৰ কেলেংকাৰিত মধ্যস্থতাকাৰী হিচাপে আছিল প্ৰলয় শীল নামৰ এজন। NRCৰ প্ৰতিটো কামতে হস্তক্ষেপৰ অভিযোগ প্ৰলয় শীলৰ বিৰুদ্ধে। থাৰ্ডপাৰ্টী মনিটৰিং কনছালটেণ্টৰ নামতো ১০ কোটি ৭৩ লাখৰ কেলেংকাৰি কৰিছিল প্ৰলয় শীলে ।

AssamNRCPrateek Hajela
Comments (0)
Add Comment