গুৱাহাটীত এফালৰ পৰা সকলোতে বুলড’জাৰ চলোৱাৰ প্ৰস্তুতি GMCৰ

ডিজিটেল ডেস্কঃ উচ্ছেদ হ’ব কটন বিশ্ব বিদ্যালয়ৰ সন্মুখৰ ষ্টীৰ্ট ভেণ্ডৰ
ৰাজপথ পদপথ দখল কৰিব নোৱাৰিব ব্যৱসায়ীয়ে
সকিয়নী GMC মেয়ৰ মৃগেণ শৰণীয়া

কটন বিশ্ব বিদ্যালয়ৰ সন্মুখৰ ষ্টীৰ্ট ভেণ্ডৰৰ বাবে হয় যানজঁটৰ ৷ কটন বিশ্ব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজপথ বন্ধ কৰি প্ৰতিবাদ কৰা পাছতে কঠোৰ হ’ল GMC মেয়ৰ মৃগেণ শৰণীয়া ৷
ৰাজপথ পদপথ দখল কৰা ব্যৱসায়ীক কঠোৰ সকিয়নী GMC মেয়ৰ মৃগেণ শৰণীয়া ৷ দয়া মমতাৰে নহয় উচ্ছেদ কৰা হ’ব ৰাজপথ আৰু পদপথ দখল কৰি ব্যৱসায় চলোৱা ব্যৱসায়ীক ৷

উচ্ছেদ হ’ব ফাচীবজাৰৰ S.S ৰোডৰ ব্যৱসায়ী
খানাপাৰাৰ পৰা আৰম্ভ উচ্ছেদৰ হৈছে কাৰ্য্যসুচী

উচ্ছেদৰ পূৰ্বে পদপথ খালি কৰা আহ্বান অন্যথা কঠোৰ হ’ব GMC ৷ ৰাজপথ পদপথ এৰি ঘৰে ঘৰে ঠেলা লৈ ব্যৱসায় কৰিবলৈ আহ্বান জনালে মেয়ৰ মৃগেণ শৰণীয়াই ৷ আনহাতে ফাচীবজাৰৰ S.S ৰোড বন্ধ কৰি চলোৱা ব্যৱসায়ীকো কৰা হব উচ্ছেদ ৷

মুঠৰ ওপৰত GMC ৰ মেয়ৰ হিচাপে দায়িত্ব লোৱাৰ পাছৰে এক্সন মোডত মৃগেণ শৰণীয়া ৷ সেয়া লাগিলে ৰাজপথৰ যাৱৰ নিষ্কাষণৰ ক্ষেত্ৰতেই হওক বা নলা নৰ্দমা পৰিষ্কাৰ , GmC কৰ্মচাৰী দায়িত্ব পালনৰ সময়তে হওঁক ৷ কিন্ত কিমান দিনলৈ দেখা যাব এক্সন মোডত শৰণীয়াক সেয়া সময়তহে হ’ব লক্ষণীয় ৷

DA News PlusDrugsGuwahati
Comments (0)
Add Comment