ডিমা হাচাওত কি কৰিলেগৈ মুখ্যমন্ত্ৰীয়ে, কেনেকৈ আকৌ জিলিকিব পূবৰ ছুইজাৰলেণ্ড

ডিজিটেল ডেস্কঃ ডিমা হাচাওত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
প্ৰাকৃতিক দুৰ্যোগে ক্ষতি সাধন কৰা অঞ্চল পৰিদৰ্শন
ডিমা হাচাওক পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি

মঙলবাৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়াৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে এইদৰে ডিমা হাচাওৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে৷ প্ৰাকৃতিক দুৰ্যোগত বিস্তৰ ক্ষতিসাধন হোৱা হাফলঙৰ বহু অঞ্চল পৰিভ্ৰমন কৰি ক্ষত-ক্ষতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে৷ হাফলঙৰ লগতে ল’ৱাৰ হাফলং প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ আৰু দুৰ্যোগত প্ৰাণ হেৰুওৱা হোকাই পাঞ্চীৰ ৩ লোকৰ বাসগৃহলৈও যায় মুখ্যমন্ত্ৰীয়ে৷
দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ বাসগৃহ পুনৰ নিৰ্মাণ কৰিব চৰকাৰে

পৰিস্থিতি পৰ্যবেক্ষণ কৰি হাফলঙৰ আবৰ্ত ভৱনত এখন পৰ্যালোচনা সভাতো ভাগ লয় মুখ্যমন্ত্ৰীয়ে৷ পৰ্যালোচনা সভাত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়া, উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বহু কেইটা চৰকাৰী বিভাগৰ বিষয়া উপস্থিত থাকে৷ মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি

২৭ মে’ হাফলঙত উপস্থিত হ’ব ভাৰত চৰকাৰৰ এটা দল
দলটোৱে পৰিস্থিতি পৰ্যবেক্ষণ কৰি বুজ ল’ব ক্ষয়-ক্ষতিৰ
ক্ষয়-ক্ষতিৰ প্ৰতিবেদন দিব কেন্দ্ৰ-ৰাজ্য চৰকাৰক

হাফলঙত উপস্থিত হৈ কি দেখিলে মুখ্যমন্ত্ৰীয়ে ?

ইফালে ৰাজ্য চৰকাৰৰ কেইবা গৰাকীও বিষয়া বুধ-বৃহস্পতিবাৰৰ ভিতৰত উপস্থিত হ’বগৈ হাফলঙত৷ হাফলঙক পুনৰ নিৰ্মাণৰ কাৰণে যুগুত কৰিব পৰিকল্পনা৷ ইতিমধ্যে পথ মোকলোৱা আৰু প্ৰাথমিক কাম-কাজৰ বাবে ৰাজ্য চৰকাৰে পৰিষদক প্ৰদান কৰিছে এক কালীন সাহৰ্য৷ তদুপৰি হেলিকপ্টাৰেৰে দুৰ্গত জনক উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে৷আনহাতে মৃতকৰ পৰিয়াললৈও এককালীন সাহাৰ্য আগবঢ়াইছে ৰাজ্য চৰকাৰে৷ পৰৱৰ্তি সময়ত অধিক সাহাৰ্য আগবঢ়োৱাৰো পোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে৷

AssamDA News PlusDima HasaoULFA
Comments (0)
Add Comment