ভাল খবৰ! শিলচৰ-গুৱাহাটীৰ মাজত চলিব দৈনিক বিমান

ডিজিটেল ডেস্কঃ শিলচৰ-গুৱাহাটীৰ মাজত চলিব দৈনিক বিমান। ৰাজ্য চৰকাৰৰ উদ্যোগত বিশেষ বিমানৰ ব্যৱস্থা। বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হ’ব এই বিশেষ সেৱা। এই সেৱা পৰিচালনা কৰিব পৰ্যটন উন্নয়ন নিগমে।

শিলচৰ-গুৱাহাটীৰ মাজত এজন যাত্ৰীৰ ভাৰা ৩ হাজাৰ। গুৱাহাটীৰ পৰা শিলচৰলৈ বিমান এৰিব বিয়লি ৫ বজাত। শিলচৰৰ পৰা গুৱাহাটীলৈ বিমান আহিব ৬.২০ বজাত। অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তত এই সেৱা।

‘ফ্লাই বিগ’ কোম্পানীৰ সহযোগত চলাব এই সেৱা। ৭০ যাত্রীৰ কঢ়িয়াব পাৰিব একোটা যাত্ৰাত। শিলচৰৰ উপায়ুক্ত কাৰ্যালয়ত পোৱা যাব টিকট। যোগাযোগৰ দুটা নম্বৰ সদৰী কৰিছে কাছাৰ প্ৰশাসনে। নম্বৰ দুটা হৈছে 81359 02973, 86380 23921।

AssamAssam FloodDA News Plus
Comments (0)
Add Comment