নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যু বাৰ্ষিকী

ডিজিটেল ডেস্কঃ নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যু বাৰ্ষিকী ৷ ১৯৯৬ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ ৰাজগড়ত আততায়ীৰ গুলীত প্ৰাণ হেৰুৱাইছিল সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসে ৷ প্ৰয়াত সাংবাদিকগৰাকীক আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হৈছে ৷ অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ ৰাজগড়ত পৰাগ দাসৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ৷ গুৱাহাটী প্ৰেছ ক্লাবতো আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ প্ৰেছ ক্লাবত এক অনুষ্ঠানত আগবঢ়োৱা হ’ব ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ ৷

DA News PlusJounalist
Comments (0)
Add Comment