ডাইনীৰ সন্দেহত হত্যা এগৰাকী মহিলাক

ডিজিটেল ডেস্কঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ পিছতো অন্ধবিশ্বাস কমা নাই একাংশ লোকৰ মাজত৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত ডাইনীৰ সন্দেহত হত্যা কৰা হ’ল এগৰাকী মহিলাক৷ হত্যাকাৰীয়ে ঘৰৰ পৰা উঠাই নি হাবিৰ মাজত হত্যা কৰে চাৰি সন্তানৰ মাতৃক ৷
পুনৰ ডাইনীৰ সন্দেহত হত্যা এগৰাকী মহিলাক
চাৰি সন্তানৰ মাতৃক ঘৰৰ পৰা উঠাই নি হত্যা

দুদিনৰ পিছত উদ্ধাৰ মহিলাৰ মৃতদেহ
আটক ৩, পলাতক মূল অভিযুক্ত
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত চাঞ্চল্য

আধুনিক শিক্ষাৰ প্ৰসাৰ যিমানেই বৃদ্ধি নাপাওঁক কিয় এতিয়াও যেন ৰাজ্যৰ একাংশ লোকৰ মাজৰ পৰাই আঁতৰা নাই অন্ধবিশ্বাস আৰু বৰ্বৰতা৷ কোকৰাঝাৰৰ গোসাঁইগাঁৱত সংঘটিত এই লোমহৰ্ষক ঘটনাই পুনৰবাৰ একাংশ লোকৰ মাজত বৰ্তি থকা জিঘাংসু প্ৰবৃত্তিকে প্ৰতিপন্ন কৰে৷

স্থান গোসাঁইগাঁৱৰ গোমা বনাঞ্চলৰ সত্যপুৰৰ মোহনপুৰ
৭ মে’ত সংঘটিত হয় এই ঘটনা
ঘৰৰ পৰা ৩ দুৰ্বৃত্তই উঠাই নিয়ে অঞ্জলি মুৰ্মুক
অঞ্জলি মুৰ্মুৰ স্বামীয়ে এই সন্দৰ্ভত অবগত কৰে গাঁওবুঢ়াক
গাঁওবুঢ়াই গোচৰ দিয়ে আৰক্ষীক


অঞ্জলি মুৰ্মুৰ স্বামীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ৩ অভিযুক্তক৷

আটক প্ৰবিনছন কিস্কু আৰু দুই কিশোৰ
হত্যাকাৰীয়ে স্বীকাৰ কৰে সমগ্ৰ ঘটনা
এখন হাবিত হত্যা কৰা হয় মহিলাগৰাকীক
হত্যা কৰি গছত ওলোমাই থোৱা হয় মহিলাগৰাকীক


সোমবাৰে পুৱাই আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ৷ ঘটনা সন্দৰ্ভত পূৰ্ণ পৰ্যায়ত অনুসন্ধান অব্যাহত ৰাখিছে স্থানীয় আৰক্ষীয়ে

DA News Plus
Comments (0)
Add Comment