বাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ত্ৰি-বাৰ্ষিক অধিৱেশন

ডিজিটেল ডেস্ক: বাক্সাৰ নিকাছিত অসম গোৰ্খা সন্মিলনৰ ২৭সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন৷ ১৫ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই অধিৱেশন৷ ৰাজ্যৰ ৩৩খন জিলাৰ ৩ হাজাৰতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই বৈঠকত৷ এই বৈঠকৰ বাবে আয়োজক সমিতিয়ে এতিয়া ব্যাপক প্ৰস্তুতি চলাইছে৷

আখৰা চলিছে নৃত্য-গীতৰ৷ প্ৰশিক্ষণ দিয়া হৈছে স্বেচ্ছাসেৱকসকলক৷ এই অধিৱেশনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰাৰ কথা৷

AssamDA News PlusMashalpur
Comments (0)
Add Comment