বিজেপিত বিদ্ৰোহ, এইবাৰ দল এৰিলে জ্যেষ্ঠ নেতাই, যোগ দিব ‘আপ’ত

ডিজিটেল ডেস্কঃ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণা। বিজেপিয়ে ঘোষণা কৰা অনুসৰি, GMCৰ নতুন মেয়ৰ হ’ব মৃগেন শৰণীয়া। একেদৰে ডেপুটি মেয়ৰ হিচাপে স্মিতা ৰয়ৰ নাম ঘোষণা কৰা হয়। উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে মেয়ৰৰ দায়িত্ব ল’ব শৰণীয়াই।

ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পিছতে এই কথা ঘোষণা কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।
মুখ্যমন্ত্ৰীৰ উপস্থিতিত ঘোষণা কৰা হয় মেয়ৰ-ডেপুটী মেয়ৰৰ নাম। উল্লেখ্য যে, ২২নং ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল স্মিতা ৰয়। একেদৰে ২৯নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছিল মৃগেন শৰণীয়াই।

ইফালে মেয়ৰ আপু ডেপুতি মেয়ৰৰ নাম ঘোষণা কৰাৰ পিছতে বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ। মেয়ৰৰ নাম ঘোষণাৰ পিছতে বিজেপি ত্যাগ শশাংকজ্যোতি ডেকাৰ। মেয়ৰ পদৰ অন্যতম দাবীদাৰ আছিল শশাংকজ্যোতি ডেকা।

৩৮নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছিল শশাংকজ্যোতি ডেকাই। দ্বিতীয়বাৰৰ বাবে পাৰিষদ হিচাপে নিৰ্বাচিত হৈছে শশাংক ডেকা। বিজেপি এৰি AAPত যোগদান কৰিব শশাংকজ্যোতি ডেকাই।

AAPAssamBJPDA News Plus
Comments (0)
Add Comment