অসমলৈ আহি কি কি কৰিব অমিত শ্বাহে?

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ৯ মে’ত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। মঙলবাৰে এই কথা সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, পুৱা অমিত শ্বাহে অংশ ল’ব BSFৰ কাৰ্যসূচীত। একেদৰে নিশা উদ্বোধন কৰিব GMCHৰ ছুপাৰস্পেচিয়েলিটী হাস্পতাল।

উল্লেখ্য যে, ১০ মে’ত অসম আৰক্ষীক ‘প্ৰেছিডেন্স কালাৰ এৱাৰ্ড’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে দিনৰ ১.৩০ বজাত অংশগ্ৰহণ কৰিব এখন দলীয় সভাত। বিয়লি গুৱাহাটীত আন এক কাৰ্যসূচীত অংশ ল’ব শ্বাহে।

কলাক্ষেত্ৰৰ পৰা গুৱাহাটীৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। গৃহমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিব আৰক্ষী ছাউনি, আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ আধাৰশিলা। কামৰূপ মহানগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰিব শ্বাহে।

Amit ShahAssamDA News Plus
Comments (0)
Add Comment