চাহৰ সৈতে মিঠা বিস্কুট নাখাব, অন্যথা সাজু থাকক ভয়ংকৰ বিপদৰ বাবে

ডিজিটেল ডেস্কঃ চাহৰ সৈতে মিঠা বিস্কুট খোৱাৰ অভ্যাস আছে নেকি আপোনাৰ, যদিহে আছে এই অভ্যাস তেন্তে সাৱধান ইয়াৰ ফলত হ’ব পাৰে ভয়ংকৰ বিপদ।বহুলোকৰ বাবে বিস্কুট খোৱাটো তেওঁলোকৰ দৈনন্দিন আহাৰৰ এক অংশ, কিন্তু বিশেষজ্ঞসকলৰ মতে ই মানুহৰ স্বাস্থ্যৰ অৱনতি কৰে।
চাহৰ সৈতে মিঠা বিস্কুট খোৱাৰ ফলত হ’ব পৰে মেদবহুলতা। কিয়নো বিস্কুটত হাইড্ৰজেনযুক্ত চৰ্বিৰ পৰিমাণ উপৰি আন চৰ্বিযুক্ত উপাদান থাকে, সেয়েহে যদি কোনোবাই ইয়াক দীঘলীয়া সময়ৰ বাবে গ্ৰহণ কৰে তেন্তে মেদ বৃদ্ধি হ’ব পাৰে আৰু ছালৰ সৈতে জড়িত বিভিন্ন সমস্যাও হ’ব পাৰে।

মিঠা বিস্কুটত অধিক পৰিমাণত শৰ্কৰা থকাৰ বাবে, ই ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব পাৰে।ইয়াৰ উপৰিও মিঠা বিস্কুটত চেনীৰ পৰিমাণ বেছি থাকে। যেতিয়া মানুহে ইয়াক দৈনিক খোৱাৰ অভ্যাস কৰে, তেতিয়া ই লাহে লাহে দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত কৰে। ইয়াৰ ফলত, দাঁতত কেভিটি হ’ব পাৰে আৰু দাঁত সৰাৰ আশংকা বৃদ্ধি হয়।

DA News PlusHealth tips
Comments (0)
Add Comment