এসাজ উদৰপুৰাই খোৱাৰ আগত দহবাৰ ভাবক !

ডিজিটেল ডেস্কঃ ইন্ধনৰ মূল্য বৃদ্ধিৰ পিছত এইবাৰ অভাৱনীয় হাৰত বৃদ্ধি হৈ আছে অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য। এই মূল্যবৃদ্ধিৰ পিছতো নিৰ্বিকাৰ ৰাজ্য প্ৰশাসন৷ সামগ্ৰীৰ মূল্যই জুৰুলা কৰা ৰাজ্যবাসীয়ে সকাহ পাব কেতিয়া ! সি যেন হৈ পৰিছে লাখ টকীয়া প্ৰশ্ন।

মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ
নিতৌ বৃদ্ধি পাইছে অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য
কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় মন্ত্ৰী, প্ৰশাসন

পেট্ৰল ডিজেলৰ মূল্য শতকৰ দিশ পাৰ কৰাৰ পিছতো ভূতৰ ওপৰত দানব পৰা দি নিতৌ বৃদ্ধি পাইছে অত্যৱশ্যকীয় সামগ্ৰীৰ দাম। বিগত কেইটামান দিনত দুগুন লৈ বৃদ্ধি পাইছে অত্যৱশ্যেকীয় সামগ্রীৰ মূল্য।

বৃদ্ধি পালে প্ৰতিলিটাৰ মিঠাতেলৰ মূল্য
প্ৰতিলিটাৰ মিঠাতেলত ১০ টকাৰ পৰা ৩০ কথালৈ বৃদ্ধি

সমান্তৰালকৈ বৃদ্ধি পালে বিস্কুট, কেকৰো দাম
প্ৰতিপেকেট বিস্কুটৰ দাম বাঢ়িল ৫টকাৰ পৰা ১০ টকালৈ
১০টকীয়া কেকৰ দাম হলগৈ ১৫ টকা

মূল্যবৃদ্ধি হৈ আছে কেঁচা শাক পাচলিৰ

ফ্ৰেঞ্চবিন ৯০টকা
বিন ৮০ টকা কিলো
ভাত কেৰেলা ১২০ টকা কিলো
কেফচিকাম ১০০ টকা
প্ৰতিকিলো ভেন্দি, পটল, তিতাকেৰেলাট ৮০ টকা
লেচেৰা ৫০-৬০ টকা
কেঁচা মটৰ ১৬০- ১৮০টকা
বেঙেনা ৭০- ৮০ টকা
জিকা ৫০-৬০টকা
আদা ৮০-৯০ টকা
গাজৰ প্ৰতি কিলোত ৬০টকা
প্ৰতি কিলো বিলাহীত ৬০ টকা
তিয়ঁহ ৫০ টকা

এনেদৰে আকাশলঙ্ঘী মূল্যবৃদ্ধিত কোঙা হৈ পৰিছে সৰ্বসাধাৰণ। কাৰ মুখলৈ চাব জন সাধাৰণ। আনহাতে নেতাসকলৰ দায়ী সৰা মন্তব্য। আনহাতে কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ মূল্যবৃদ্ধিক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য। অত্যৱচকীয় সামগ্ৰীৰ মূল্যই সাধাৰণ জনতাক যে সৰ্বশ্ৰান্ত কৰিছে সেয়া নিশ্চিত। কৰোনাই কোঙা কৰা ৰাজ্যবাসীক জুৰুলা কৰিছে সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে । এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন হয় শাসনাধিষ্ঠ চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰিব পাৰিবনে মূল্য বৃদ্ধি । নে এনেকৈ হাৰাশাস্তি খাব লাগিব সৰ্বসাধাৰণ ৰাইজে।

AssamDA News Plusprice hike
Comments (0)
Add Comment