১৪ দিনে নাই খবৰ, ক’ত আছে শিশু প্ৰিয়ম?

ডিজিটেল ডেস্কঃ Crime Branchত হাজিৰ অভিযুক্ত বিভাৰাণী ঠাকুৰীয়া
GMCH ৰ পৰা শিশু চুৰিত সাঙোৰ খাইছিল নাৰ্চ বিভাৰাণীৰ নাম
অভিযোগ অস্বীকাৰ বিভাৰাণীৰ

১৪ দিন অতিক্ৰম কৰিলে GMCH ৰ পৰা সন্ধানহীন হোৱা শিশু অপহৰনৰ ঘটনা। কিন্তু

আজিও নোলাল প্ৰিয়ম কলিতাৰ সন্ধান!
১৪ দিনে ক’ত আছে শিশুটো?

সংবাদমাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি প্ৰিয়ম কলিতাক এইগৰাকী শুকালকুছি PHE ত ANM হিচাপে কৰ্মৰত বিভাৰাণী ঠাকুৰীয়াই চেন্নাই এখন চিকিৎসালয়ত কৰাইছিল চিকিৎসা। সেয়েহে ঘটনা সন্দৰ্ভত মংগলবাৰে শুৱালকুছিত বিভাৰাণীক বিচাৰি ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান। বিভাৰানী ঠাকুৰীয়াৰ স্বামী মন্টু বৈশ্যক সোধা-পোছা কৰি পত্নীক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ক্ৰাইম ব্ৰাঞ্চে। ক্ৰাইম ব্ৰাঞ্চৰ নিৰ্দেশৰ পিছতে চেন্নাইৰ পৰা পোনে পোনে আহি বুধবাৰে স্বামী মন্টু বৈশ্যৰ সৈতে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ল বিভাৰাণী ঠাকুৰীয়া।

কিন্তু চেন্নাই লৈ কিয় গৈছিল বিভাৰানী
সচাঁকৈ চেন্নাইত চিকিৎসা কৰোৱা হৈছে নেকি সন্ধানহীন প্ৰিয়মৰ

ঘটনা সন্দৰ্ভত বিভাৰানীৰ মন্তব্য, প্ৰিয়মৰ নহয়, নিজৰ চিকিৎসাৰ বাবেহে গৈছিল চেন্নাই লৈ। তেওঁৰ দাবী ঘটনা সন্দৰ্ভত মিছাতে সাঙুৰা হৈছে তেওঁৰ নাম।

ইয়াৰ ওপৰিও সংবাদমাধ্যমৰ সন্মুখত বিভাৰাণী ঠাকুৰীয়াৰ মন্তব্য।

চিনি নাপায় সন্ধানহীন প্ৰিয়ম কলিতাক
পৰিয়ালৰ সৈতেও নাই কোনো সম্পৰ্ক

মুঠৰ ওপৰত তদন্তৰ পিছত হে ওলাই পৰিব কোন সচা কোন মিছা ? কিন্তু ঘটনা সন্দৰ্ভত মিছাতে বিভাৰাণী ঠাকুৰীয়া নাম সাঙুৰ খোৱাকলৈও মানহানি গোচৰ তৰাৰ হুংকাৰ বিভাৰাণী ঠাকুৰীয়াৰ স্বামীৰ।

childDA News PlusGMCH
Comments (0)
Add Comment