মুখ্যমন্ত্ৰীৰ বাবে শুভ নহয় অসমীয়া নৱবৰ্ষ!

ডিজিটেল ডেস্কঃ নতুন বছৰটোৰ বৰ্ষফল ঘোষণা কৰিলে বৰপেটা সত্ৰই , দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে কৰা গণনা অনুসৰি অসমৰ বাবে বছৰটো হ’ব অশুভ।
অসম দেশৰ ৰাশি হ’ল কর্কট ৷ ৰাশিফল মতে, তৃতীয় স্থানত চন্দ্ৰ পঞ্চমত কেতু, সপ্তমস্থানত শনি, অষ্টমত শুক্ৰ-মংগল, নৱমত বৃহস্পতি, দশমত ৰবি- বুধ, একাদশত ৰাহু অবস্থান কৰাত বছৰতো ৰাজ্যখনৰ কাৰণে অনুকুল নহয় ৷ কাৰণ শনিৰ পূৰ্ণদৃষ্টি আৰু ৮ জেঠৰ পৰা ৰাহু কৰ্মস্থানত আৰু কেতু বন্ধুস্থানত অৱস্থান কৰিব ৷

এই বছৰটোত ৰাহু, কেতু আৰু শনিৰ দৃষ্টিৰ ফলত ৰাজ্যত যুদ্ধৰ পৰিবেশ দেখা যাব ৷ ৰাজ্যৰ প্ৰতিটো দলৰ মাজত বিবাদ সৃষ্টি হ’ব । ৰাহু শনিৰ দৃষ্টিৰ ফলত যানবাহন, ৰেল, বিমান দূৰ্ঘটনা, ৰক্তপাত, অগ্নিদাহ বিস্ফোৰণ, হত্যা লুন্ঠন অপহৰন, দূৰ্ঘটনা, হিংসাত্মক কার্য্য-চোৰাং বেহা, গুপ্তঘাট আৰু সন্ত্রাসবাদী মুলক কার্য্য বৃদ্ধি পাব ।
এই বছৰটো মঙ্গলে ৰাজত্বভাৰ লোৱাত বানপানী, শিলা বৃষ্টি, বজ্ৰপাত, ঘূৰ্ণীবতাহে দেশত অশান্তিত পৰিবেশ বিৰাজ কৰিব আৰু প্ৰাকৃতিক দূৰ্যোগ আৰু ভূমিকম্পত ক্ষতিৰ যোগ ৷

ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ বাবেও শুভ নহয় নতুন বছৰটো। ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ বাবে আছে বহু বাধা-বিঘিনি।
মুখ্যমন্ত্ৰীৰ চলিব শনি-মংগলৰ দশা। ৰাজ্যতো বিভিন্ন অশান্তি, অপায়-অমংগল যুগ। বৰ্ষফল ঘোষণা কৰি এই আশংকা প্ৰকাশ বৰপেটা সত্ৰৰ।

ইপিনে ভাৰতৰ ৰাশি হ’ল মকৰ ৷
জন্মৰাশিত শনি অৱস্থান কৰাত দেশত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধি পাব ।
চীন আৰু পাকিস্থানৰ পৰা আক্ৰমণৰো সম্ভাৱনা দৈৱজ্ঞৰ ৷
ইপিনে ৰাহু কেতুৰ পৰা ৰাজধানী দিল্লীকে ধৰি বিভিন্ন স্থানত আন্দোলন, প্ৰতিবাদ, কুটাঘাটমূলক কার্য বৃদ্ধি, হত্যা, অপহৰন, বিস্ফোৰণ সাম্প্রদায়িক সংঘর্ষ, অগ্নিদাহ, বিমান, পথ, ৰেল দুর্ঘটনা বৃদ্ধি পাব ।

ইপিনে ভাৰত আৰু অসমৰ অভাবনীয়ভাবে জলবায়ু পৰিবর্তন, তাপমাত্ৰা বৃদ্ধি আৰু বানপানীৰ প্ৰভাৱত কৃষিভূমিৰ বিস্তৃত ক্ষতিৰ লগতে কীট-পতংগাদিৰ আক্রমনত উৎপাদিত শস্য নাশৰ যোগ ।
ভাৰত সন্মুখীন হ’ব পাৰে চীন-পাকিস্তানৰ আক্ৰমণৰ। ৰাজ্যত বৃদ্ধি পাব প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক সংকট
ৰাজনৈতিক নেতা, বিশিষ্ট লোকৰ হ’ব বুদ্ধি নাশ! দেশত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধিৰ আশংকা!

AssamAssamese New YearDA News Plus
Comments (0)
Add Comment