ভয়ংকৰ সংকটত শ্ৰীলংকা! এমুঠি অন্নৰ হাহাকাৰ সাধাৰণ জনতাৰ

ডিজিটেল ডেস্কঃ ভয়ংকৰ অৰ্থনৈতিক সংকটত ভুগিছে শ্ৰীলংকা৷ এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে দেশখনৰ সাধাৰণ জনতায়৷ বিদ্যুৎ, ইন্ধনৰ সমান্তৰালকৈ ভয়ংকৰভাৱে ঊৰ্ধ্বগামী হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য৷ সমান্তৰালভাৱে আকাশলংঘী মূল্যবৃদ্ধি হৈছে ফলমূলৰো৷ প্ৰতি কিলো আপেলৰ দাম হৈছেগৈ এহাজাৰৰো অধিক, নাচপতিৰ দাম হৈছেগৈ প্ৰতিকিলোত ১৫০০ টকা৷ দেশখনৰ জনতাৰ অভিযোগ চীনক দেশৰ সকলো সম্পত্তি বিক্ৰী কৰিছে ৰজাঘৰীয়াই৷ সাধাৰণ জনতায় এমুঠি অন্নৰ বাবে হাহাকাৰ কৰাৰ সময়ত শ্ৰীলংকাৰ জননেতাই বিলাসী জীৱন যাপন কৰাৰ অভিযোগ আনিছে সাধাৰণ ৰাইজে৷

ঋণত পোত যোৱা দেশখনৰ প্ৰধানমন্ত্ৰীৰ বাহিৰে আন সকলো মন্ত্ৰীয়ে ইতিমধ্যে কৰিছে পদত্যাগ৷ দ্বীপৰাষ্ট্ৰখনৰ নতুন বিত্তমন্ত্ৰীয়েও দায়িত্ব গ্ৰহণ কৰিয়েই কৰিলে পদত্যাগ৷ খাদ্য সংকটত ভোগা দেশখনত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ৷ দেশৰ জনতাই ৰাজপথলৈ ওলাই আহি প্ৰকাশ কৰিছে ক্ষোভ৷ আৰক্ষী, নিৰাপত্তা বাহিনীৰে সংঘৰ্ষতো লিপ্ত হৈছে প্ৰতিবাদকাৰীসকল৷ দেশখনৰ ৰাজপথে ৰাজপথে সৃষ্টি হৈছে ভীষণ অৰাজক পৰিস্থিতিৰ৷ ইফালে, দেশখনত প্ৰায় বন্ধ হৈ পৰিছে পৰিবহণ সেৱাও৷ তাৰ মাজতে ১ এপ্ৰিলত ঘোষণা কৰা জৰুৰী অৱস্থা মঙলবাৰে নিশা প্ৰত্যাহাৰ কৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষই৷ দ্বীপৰাষ্ট্ৰখনৰ পৰা ইতিমধ্যে চুবুৰীয়া দেশসমূহলৈ ঢাপলি মেলিছে সাধাৰণ জনতাই৷

CrisisDA News PlusSrilanka
Comments (0)
Add Comment