মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ইংলেণ্ড

ডিজিটেল ডেস্কঃ মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত প্ৰবেশৰ সপোন ধূলিসাৎ হৈছে দক্ষিণ আফ্ৰিকাৰ ৷ ইংলেণ্ডৰ বিৰুদ্ধে আজি বিশ্বকাপৰ ২য় খন ছেমিফাইনেলত হেগ্লী অ’ভেলত শোচনীয়ভাবে পৰাস্ত হয় দক্ষিণ আফ্ৰিকা ৷

প্ৰথমে বেটিং কৰি ইংলেণ্ডে ডনী ওৱায়েটৰ ১২৯ আৰু ছফিয়া ডুনক্লীৰ ৬০ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ৮ উইকেটত সংগ্ৰহ কৰে ২৯৩ ৰান ৷ ২৯৪ ৰানৰ লক্ষ্য লৈ ইনিংছ আৰম্ভ কৰিয়েই বিপদত পৰে দক্ষিণ আফ্ৰিকা ৷ দলীয় স্ক’ৰ ১ ৰান হওতেই তাৰকা বেটাৰ লৌৰা উলভাৰ্টে বিদায় লয় কোনো ৰান নকৰাকৈ ৷

আনগৰাকী মাৰমুখী বেটাৰ লিজেল লীয়ে বিদায় লয় ২ ৰানত৷ ইয়াৰ পিছত সঘনাই পতন ঘটিবলৈ ধৰে দক্ষিণ আফ্ৰিকাৰ উইকেটৰ ৷ ৩৮ অভাৰত ১৫৬ ৰানতে সামৰণি পৰে দক্ষিণ আফ্ৰিকাৰ ইনিংছ ৷ মিনন ডু প্ৰীজে সৰ্বাধিক ৩০ ৰান কৰে৷ ১৩৭ ৰানত ইংলেণ্ডৰ হাতত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা ৷ অহা ৩ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই হেগ্লী অ’ভেলতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত নামিব ইংলেণ্ড ৷

CricketDA News Pluswoman cricketWorld Cup
Comments (0)
Add Comment