শীৰ্ষ ১০০ জন ক্ষমতাশালী ভাৰতীয়ৰ তালিকাত হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক: দেশৰ ১০০ জন শক্তিশালী ব্যক্তিৰ তালিকাত ৩২ নম্বৰ স্থান দখল কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা The Most Powerful Indians in 2022 ৰ তালিকাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই স্থান লাভ কৰিছে।

প্ৰথম স্থান লাভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিগত ৮ বছৰ ধৰি তেওঁ এইদৰে দেশৰ প্ৰভাৱশালী ১০০ জন ব্যক্তিৰ ভিতৰত প্ৰথমস্থানত আছে। তালিকাত দ্বিতীয় স্থানত আছে গৃহমন্ত্ৰী অমিত শ্বাহ। দেশৰ আটাইতকৈ ধনবন্ত লোক মুকেশ আম্বানী আছে তালিকাৰ ৫ নম্বৰত।

প্ৰতিবছৰে ইণ্ডিয়ান এক্সপ্ৰেছে এই তালিকা প্ৰকাশ কৰে, পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই দেশৰ ক্ষমতাশালী ব্যক্তিৰ তালিকাত ৬০ নং স্থান দখল কৰিছিল। The Indian Express কাকতখনে বৃহস্পতিবাৰে প্ৰকাশ কৰা এই তালিকাত মুখ্যমন্ত্ৰী শৰ্মাক অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ ধাৰাবাহিক জয়ৰ যাত্ৰা অক্ষুন্ন ৰখাৰ আঁৰৰ মুল ব্যক্তি বুলি উল্লেখ কৰে।

Assam Chief MinisterHimanta Biswa SarmaTop 100 Most Powerful Indian
Comments (0)
Add Comment