বিহু মঞ্চত কোন শিল্পীৰ কিমান মাননী?

ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী অসমীয়াৰ হেঁপাতৰ ৰঙালী বিহু। বিহুৰ বাবে সাজু হৈছে আপোনাৰ মৰমৰ গায়ক গায়িকা সকল। পিছে বিহুৰ নিশা অধিক ৰোমাঞ্চকৰ কৰিবলৈ কোন শিল্পীৰ কিমান মাননী?

জুবিন গাৰ্গ : ৮ – ১০ লাখ

অংগৰাগ পাপন মহন্ত : ৮ – ১০ লাখ
দীক্ষু:৪- ৪.৫০ লাখ
মানস ৰবীন: ১.৫০ -২.৫০ লাখ
গিতালি কাকতি: ২ – ২.৫০ লাখ
নীলআকাশ: ৪- ৪.৫০
কুসুম কৈলাশ : ৩-৩.৫০ লাখ
দীপলিনা ডেকা: ৩- ৩.৫০ লাখ
আঁচুৰ্য বৰপাত্ৰ:৩.৫০ – ৪.৫ লাখ
বিপিন চাওদাং: ২- ২.৫০ লাখ
মণ্টুমনি শইকীয়া: ২.৫০ – ৩ লাখ
প্ৰিয়ংকা ভৰালী: ২.৫০- ৩ লাখ
নাহিদ আফ্ৰিন: ২.৫০- ৩.৫০ লাখ
শংকুৰাজ কোৱৰ: ৩ লাখ
সান্নিধ্য ভূঞা ১.৫০ – ২ লাখ

বিগত দুটা বৰ্ষ কৰোনাৰ বাবে পাতিব নোৱাৰিলে ৰাঙলী বিহু। এতিয়া পৰিস্থিতি সাম কাটিছে। পুনৰ নতুন উদ্দমেৰে বিহু মঞ্চত গীত পৰিবেশন কৰিবলৈ সাজু সংগীত শিল্পীসকল। আপুনি আপোনাৰ প্ৰিয় গায়ক বা গায়িকা গৰাকীৰ বিহু উপভোগ কৰিব পাৰিব বিহু মঞ্চত।

সমান্তৰাল কৈ বিহু অনুষ্ঠান পাতিবলৈ সাজোঁ গুৱাহাটীৰ বিহু সমিতি সমূহ। গুৱাহাটীত কেইবাখনো বিগ বাজেট বিহু অনুস্থিত কৰিবলৈ সাজু হৈছে কেইবাখনো বিহু সমিতিয়ে।
পূব গুৱাহাটী বিহু সন্মিলনৰ বাজেট ৪০ লাখ
চান্দমাৰী খেলপথাৰত ১৪ এপ্ৰিলৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হব বিহু।


সাজু হৈছে বেলতলা বিহু সন্মিলনীয়ে।
বেলতলা বিহুৰ বিশেষ আকর্ষণ জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত

সমান্তৰালভাৱে সাজু হৈছে গুৱাহাটী বিহু সন্মিলনও। প্ৰতি বছৰৰ দৰে এইবাৰো বিহু সম্ৰাগী, বিহু ৰাণী, বিহু কুঁৱৰী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এইবাৰ গুৱাহাটী বিহু সন্মিলনীত গীত পৰিবেশন কৰিব প্ৰিয়ংকা ভৰালী, দ্বীপেন বৰুৱা লগতে জনপ্ৰিয় কণ্ঠশিল্পী বাবু।
এতিয়া এনেদৰে সাজু হৈছে বিহু পাতিবলৈ বিহু সমিতিসমূহে। বিহুত ঢোলৰ গুম গুমনিৰ লগতে বিহুত গীত মঞ্চস্থ কৰিবলৈ সাজু হৈছে আপোনাৰ আপোন শিল্পী সকলে।

AssamBihuDA News Plus
Comments (0)
Add Comment