ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, সংকটত ইউৰোপ

ডিজিটেল ডেস্কঃ ইউক্ৰেইনে আত্মসমৰ্পণ নকৰালৈ যেন বন্ধ নহ’ব ৰাছিয়াৰ বন্দুক আৰু ৰকেটৰ গৰ্জন ৷ এমাহতকৈ অধিক সময়জোৰা এই যুদ্ধই কেৱল ইউক্ৰেইনৰে ক্ষতি কৰা নাই ৷ মহাসংকটৰ গৰাহত পৰিছে সমগ্ৰ ইউৰোপ ৷ ইউৰোপৰ কেইবাখনো দেশত ইউক্ৰেইনৰ শৰণাৰ্থীৰ ভিৰ। ফ্ৰান্সত নতুনকৈ আশ্ৰয় লৈছে ৩০ হাজাৰ শৰণাৰ্থীয়ে স্পেইন, পৰ্তুগাললৈও ঢাপলি মেলিছে ইউক্ৰেইনৰ নাগৰিক।
প্ৰতিনিয়ত গৃহভূমি এৰিছে হাজাৰ হাজাৰ লোকে । পূব ইউৰোপৰ পৰা পশ্চিম ইউৰোপলৈ শৰণাৰ্থীৰ ঢৌ
যুদ্ধৰ প্ৰথম দুদিনত ইউক্ৰেইন এৰিছিল ৫০ হাজাৰ লোকে। এতিয়ালৈ যুদ্ধবিদ্ধস্ত ইউক্ৰেইন এৰিছে ৪০ লাখ লোকে।
ইয়াৰে ২২ লক্ষাধিকে আশ্ৰয় লৈছে পোলেণ্ডত। শৰণাৰ্থীৰ সমস্যাক লৈ ইউৰোপীয়ান ইউনিয়নত বৈঠক
মানৱীয়তাৰ স্বাৰ্থত ইউক্ৰেইনৰ পক্ষত থিয় দিয়াৰ আহ্বান।

DA News PlusRussiaukraine
Comments (0)
Add Comment