নাম-প্ৰসংগৰে সৰৱ ডুবাইৰ আকাশ-বতাহ

ডিজিটেল ডেস্ক: প্ৰবাসী অসমীয়াৰ বাবে আধ্যাত্মিক অভিভাৱক স্বৰূপে ডুবাই মহানগৰীত স্থাপন হ’ল এটা নামঘৰ ৷ পৰম্পৰাগত নাম-কীৰ্তনেৰে গুৰু আসন প্ৰতিষ্ঠা কৰি এই নামঘৰ উদ্বোধন কৰে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে৷

মধ্যপ্ৰাচ্যবাসীৰ দীৰ্ঘদিনৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰি ডুবাইত প্ৰতিষ্ঠা হ’ল অসমীয়াৰ নামঘৰ ৷ সংযুক্ত আৰৱ আমীৰশ্বাহিৰ বাণিজ্যিক ৰাজধানী চহৰখনত অস্থায়ীভাবে এটা নামঘৰৰ ব্যৱস্থা কৰি গুৰু আসন প্ৰতিষ্ঠা কৰা হয় ৷ দেওবাৰে বিয়লি গুৰু আসন প্ৰতিষ্ঠা কৰে মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে ৷ উল্লেখ্য যে এই গুৰু আসন অসমৰ পৰা লৈ গৈ ডুবাইত স্থাপন কৰে সত্ৰাধিকাৰজনে ৷
দীৰ্ঘকাল ডুবাইত বাস কৰা অশ্বিনী বৰকটকীৰ বাসগৃহত এই নামঘৰ স্থাপন কৰে।
আসন প্ৰতিষ্ঠা কৰি নাম ধৰিলে সত্ৰাধিকাৰ ড০ গোস্বামীয়ে

ডুবাইত নামঘৰ স্থাপন প্ৰবাসী অসমীয়াৰ বাবে এক ঐতিহাসিক পদক্ষেপ ৰূপে চিহ্নিত হৈছে ৷ সত্ৰাধিকাৰজনৰ মতে এই নামঘৰে প্ৰবাসী অসমীয়াৰ বাবে এক আধ্যাত্মিক অভিভাৱকৰ সৃষ্টি কৰিলে ৷

নামঘৰটোৱে প্ৰবাসীসকলৰ মাজত একতাৰ বান্ধোন অধিক যুগমীয়া কৰিব বুলি আশা কৰা হৈছে৷ ভৱিষ্যৎ প্ৰজন্মৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলা-সংস্কৃতি বিকাশৰ প্ৰসাৰৰ হেতু এই নামঘৰটো এক কেন্দ্ৰস্থলী হৈ পৰিব বুলি আশা কৰা হৈছে ৷

DA News Plusdubai
Comments (0)
Add Comment