আজি পুৱা ৬ বজাৰ পৰা ৩০ মাৰ্চৰ পুৱা ৬ বজালৈ চকাবন্ধ

ডিজিটেল ডেস্ক: যান বাহনৰ অত্যাধিক জৰিমনা প্ৰত্যাহাৰ, ক’ভিড কালৰ সাহায্য মটৰ শ্ৰমিকসকলক প্ৰদান কৰা আদি কেইবাটাও দাবীৰ সমৰ্থনত দেশজোৰা ধৰ্মঘট ঘোষনা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনসমূহৰ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-ফেডাৰেচনৰ ধৰ্মঘটলৈ সঁহাৰি জনাই অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চইও জাৰি কৰিছে চকাবন্ধ। আজি পুৱা ৬ বজাৰ পৰা ৩০ মাৰ্চৰ পুৱা ৬ বজালৈ থাকিব চকাবন্ধ।

সকলো ধৰণৰ বাণিজ্যিক বাহন বন্ধ থাকিব ৰাজ্যত। বন্ধৰ সময়ত পৰীক্ষাৰ্থী আৰু জৰুৰী সেৱাক ৰেহাই।বেংক, বিদ্যুৎ, অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰো সমৰ্থন। বিজুলি ভৱনকে ধৰি বিভিন্ন কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী। দুদিনীয়া ধৰ্মঘটত দেশৰ প্ৰায়বোৰ খণ্ডই অচল হৈ পৰিব।

উল্লেখ্য যে বন্ধৰ সময়ছোৱাত পৰীক্ষাৰ্থী, গাখীৰ, পানীযোগান, বিজুলী, জৰুৰী-অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই প্ৰদান কৰা হৈছে ।বেংক, বিদ্যুৎ, অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰো সমৰ্থন আজিৰ চকাবন্ধত।

Assambharat bandhchakka bandh
Comments (0)
Add Comment