অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিনৱ পদক্ষেপ! বিনামুলীয়াকৈ বিতৰণৰ বাবে সাজু কৃষি শিক্ষাৰ ১২ সহস্ৰাধিক পুৰণি মুল্যবান গ্ৰন্থ

ডিজিটেল ডেস্কঃ সময়ৰ দিশেৰে পুৰণি হলেও বিষয়বস্তুৰ ফালৰ পৰা বহুবোৰ কিতাপ অমুল্য ।কিতাপৰ প্ৰয়োজনীয়তা সকলোৰে বাবে সময়সাপেক্ষে আৰু স্থানসাপেক্ষে বেলেগ বেলেগ । সঠিক স্থানত নতুন গ্ৰন্থক ঠাই দিবৰ বাবে বহুসময়ত পুৰণা গ্ৰন্থৰ স্থান সলনি কৰিবলগীয়া হয় ।কিন্তু এই স্থানান্তৰে পুৰণি গ্ৰন্থৰ প্ৰয়োজনীয়তা নোহোৱা নুবুজায় ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ কেন্দ্ৰীয় গ্ৰন্থাগাৰত আজিৰে পৰা কৃষি বিজ্ঞানৰ বহু মুল্যবান পুৰণি গ্ৰন্থৰ বিতৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত এই মত ব্যক্ত কৰে বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই । ৰেভাৰেণ্ড বি এম পিউ কেন্দ্ৰীয় গ্ৰন্থাগাৰত আয়োজিত এই অনুষ্ঠানত অগতানুগতিক কাৰ্যসূচী সম্পৰ্কত বক্তব্য ৰাখি চিফ লাইব্ৰেৰীয়ান ড° চন্দন হাজৰিকাই কয় যে আমাৰ পুথিভৰালত এনে বহু কিতাপ আছিল যিসমুহ বছৰ বছৰ ধৰি পাঠকৰ হাতত নপৰাকৈয়ে একপ্ৰকাৰ পুৰণা হৈছিল । সেইসমুহৰ ভিতৰত বহুতো আন্তৰাষ্ট্ৰীয় লেখকৰ গ্ৰন্থ আৰু গৱেষণাধৰ্মী মুল্যবান গ্ৰন্থও আছে । এনে গ্ৰন্থৰ সংখ্যাধিক্যতাৰ বাবে আৰু নতুনকৈ বহু গ্ৰন্থৰ অন্তভুক্তিৰ বাবে এই বিনামুলীয়া বিতৰণ কাৰ্যসূচী হাতত লোৱা হৈছে ।
উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ ষ্টক ৰেক্টিফিকেশ্যন কমিটিৰ অনুমোদনৰ ভিত্তিত এই প্ৰায় ১২ হাজাৰ গ্ৰন্থ বিনামুলীয়াকৈ বিশ্ববিদ্যালয়ৰ গৱেষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ বাবে বিনামুলীয়া বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ২০২০ বৰ্ষৰ মাজভাগত কভিডকালীন জটিল সময়তে বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভৰালৰ বিষয়া কৰ্মচাৰীসকলে এই গ্ৰন্থসমুহ বাচনি কৰি উলিয়াইছিল । গ্ৰন্থ সমুহৰ ভিতৰত কৃষি , মীনপালন, পশুপালন,উদ্যান শস্য, ৰেচম, সামুহিক বিজ্ঞান আদি কৰি কৃষি বিজ্ঞান আৰু আনুষংগিক ক্ষেত্ৰৰ মুল্যবান গ্ৰন্থ সন্নিবিষ্ট হৈছে ।বিনামুলীয়াকৈ বিতৰণৰ বাবে সাজু কৃষি শিক্ষাৰ ১২ সহস্ৰাধিক পুৰণি মুল্যবান গ্ৰন্থ

আজিৰে পৰা ষ্টক থকালৈকে বিতৰণৰ বাবে মুকলি থাকিবলগীয়া এই কাৰ্যসূচীৰ আৰম্ভনি অনুষ্ঠানত ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা , সামূহিক বিজ্ঞানগুৰু ড° ডেইজী হাজৰিকা , অধ্যাপক ড° সমীন্দ্ৰ বৈশ্য, ড° ৰমেন শৰ্মা , ড° বিনীতা বৈশ্য, ড° বসন্ত বৰা ,ডেপুটী লাইব্ৰেৰীয়ান হেমন্ত কুমাৰ গোঁহাইৰ লগতে লাইব্ৰেৰী বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ।

BookDA News PlusDistribute
Comments (0)
Add Comment