মহিলা ক্ৰিকেটত ভাৰতৰ পেচ বলাৰ ঝুলন গোস্বামীৰ অভিলেখ

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডত চলি থকা মহিলা বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ ঝুলন গোস্বামীৰ অভিলেখ৷ এদিনীয়া ক্ৰিকেটত ২৫০টা উইকেট দখল কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে চিহ্নিত হ’ল ভাৰতৰ ঝুলন গোস্বামী৷ মহিলা ক্ৰিকেট বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপেও নিজৰ নাম লিপিবদ্ধ কৰিছে ঝুলন গোস্বামীয়ে৷ টেমী বিউমণ্টৰ উইকেট দখল কৰি এই অভিলেখ গোস্বামীৰ। মহিলা এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা শীৰ্ষ ৫গৰাকী মহিলা খেলুৱৈ হৈছে ক্ৰমে- ভাৰতৰ ঝুলন গোস্বামী- ২৫০টা উইকেট, অষ্ট্ৰেলিয়াৰ কেথৰিন ফিটজপেট্ৰিক- ১৮০টা উইকেট, ৱেষ্ট ইণ্ডিজৰ এনিছা মহম্মদ- ১৮০টা উইকেট, দক্ষিণ আফ্ৰিকাৰ শ্ববনিম ইছমাইল-১৬৮টা উইকেট, ইংলেণ্ডৰ কেথৰিক ব্ৰাণ্ট- ১৬৪টা উইকেট।

ভাৰতৰ ঝুলন গোল্বামীৰ এই কৃতিত্বত উৎফুল্লিত দেশৰ ক্ৰিকেটপ্ৰেমীৰ লগতে ক্ৰিকেট বিশেষজ্ঞসকল৷ BCCIৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰে অভিনন্দন জ্ঞাপন কৰিছে ঝুলন গোস্বামীক৷ তদুপৰি বিশ্বৰ ক্ৰিকেট মহলেও শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতৰ বেগী বলাৰগৰাকীক৷ ইফালে চকডা এক্সপ্ৰেছ খ্যাত ঝুলন গোস্বামীৰ ওপৰত এখন চিনেমা নিৰ্মাণৰো প্ৰস্তুতি চলি আছে৷ চিনেমাখনত ঝুলন গোস্বামীৰ চৰিত্ৰ ৰূপায়ণ কৰিব অভিনেত্ৰী তথা বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাই৷ অনুষ্কা শৰ্মাই ঝুলন গোস্বামীৰ চৰিত্ৰ ফুটাই তুলিবৰ বাবে কঠোৰ অনুশীলনত ব্ৰতী হৈছে৷ ভাৰতৰ কিংবদন্তি মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ কৃৰ্তিত্বই নিশ্চয়কৈ ভাৰতৰ উদীয়মান মহিলা ক্ৰিকেটাৰসকলক দশক দশক ধৰি আনুপ্ৰাণিত কৰি থাকিব৷

CricketDA News PlusIndiaRecordWomen
Comments (0)
Add Comment