বিৰিণা গোষ্ঠীৰ সপ্তম বৰ্ষপূৰ্ণ অনুষ্ঠান; পণ্ডিত ডঃ দয়ানন্দ পাঠকলৈ বিৰিণা সাহিত্য বঁটা

ডিজিটেল ডেস্ক: অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ সপ্তম বৰ্ষপূৰ্ণ অনুষ্ঠান দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নলবাৰী জিলাৰ দৌলাশালস্থিত ভাস্কৰ সামূহিক কেন্দ্ৰত অনুষ্ঠিত হৈ যায়। পুৱা পতাকা উত্তোলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। ইয়াৰ পিছতেই কেইবাগৰাকী সাহিত্যিক- শিল্পীৰ প্ৰতিচ্ছবিৰ সন্মুখত বিশিষ্ট ব্যক্তিৰ দ্বাৰাই বন্তি প্ৰজ্বালন আৰু পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দিনৰ ১২ বজাত দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাখন উদ্বোধন কৰে বিশিষ্ট কবি, সাহিত্যিক-সমালোচক ইছমাইল হোছেইনে। প্ৰতিনিধি সভাৰ আৰম্ভনিতে সপ্তম বৰ্ষপূৰ্ণৰ লগত সংগতি ৰাখি ৭ গছি বন্তি প্ৰজ্বালন কৰা হয়। বিয়লি ৩ বজাত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। মুখ্য অতিথি হিচাপে সভাখনত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক-গৱেষক, পণ্ডিত ডঃ দয়ানন্দ পাঠকক বিৰিণা সাহিত্য বঁটা-২০২২ প্ৰদান কৰে বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। আনহাতে বিশিষ্ট সাংবাদিক তুলিকা দেৱীক বিৰিণা সংবাদ প্ৰহৰী বঁটা-২০২২ প্ৰদান কৰে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইনে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱা আৰু বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ প্ৰদীপ শইকীয়া। মুকলি সভাতে বিৰিণাৰ বাৰ্ষিক কাব্যালোচনী “বৃন্তিকা” , জিয়াউৰ ৰহমানৰ বিশ্লেষণাত্মক কাব্য বিচাৰ ‘ বিৰিণাৰ কাব্য-অমৃত  , নাজলীনা আলমৰ কাব্যগ্ৰন্থ ‘মই আৰু তুমি’  , নাজলীনা আলম সম্পাদিত বহুভাষিক বাৰ্ষিক কাব্যালোচনী ” নিয়ৰ” ৰূমী ঠাকুৰীয়াৰ কাব্যগ্ৰন্থ ‘অনুভৱৰ গাথা’ আৰু ললিতা দাসৰ ভিন্ন স্বাদৰ পাঁচখন গ্ৰন্থ ক্ৰমে কাব্যগ্ৰন্থ ‘অন্য এক যাত্ৰা’, অনুগল্প ‘সপোনৰ হেঙুলীয়া বাট’,  ‘এচমকা সুখৰ ৰ’দালি’, ‘লিমাৰিক’, আৰু ‘হাইকু’কে ধৰি মুঠ দহখন গ্ৰন্থ উন্মোচন কৰা হয়। শলাগৰ শৰাই আগবঢ়াই গোষ্ঠীটোৰ কোষাধ্যক্ষ বনজিৎ বৈশ্যই।

Birina Group Assam Anniversary CeremonyBirina Sahitya Award
Comments (0)
Add Comment