হিজাব সন্দৰ্ভত কি ৰায় কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ?

ডিজিটেল ডেস্ক : মংগলবাৰে হিজাব সন্দৰ্ভত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। হিজাব সম্বন্ধীয় সকলো আৱেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ। ইছলামত হিজাব পিন্ধাটো বাধ্যতামূলক নহয় বুলিও মন্তব্য কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ।

উচ্চ ন্যায়ালয়ৰ ৩জনীয়া বিচাৰপীঠে দিলে আজিৰ এই ৰায়। মুখ্য ন্যায়াধীশ ৰিতুৰাজ ওৱেচিৰ নেতৃত্বত বিচাৰপীঠৰ ৰায়। ১১ দিন ধৰি চলা শুনানিৰ অন্তত ন্যায়ালয়ৰ এই ৰায়।

ন্যায়ালয়ৰ মতে ইছলাম ধৰ্মত মুছলিম মহিলাই হিজাব পৰিধান কৰাটো অত্যাৱশ্যকীয় ধৰ্মীয় আচৰণৰ ভিতৰত নপৰে৷ বিদ্যালয়ত ইউনিফৰ্ম বাধ্যতামূলক কৰাৰ সন্দৰ্ভতো প্ৰশ্ন তুলিছিল আবেদনকাৰীসকলে৷ ন্যায়ালয়ে এই সন্দৰ্ভত ইউনিফৰ্মৰ ব্যৱস্থাক ছাত্ৰ-ছাত্ৰীসকলে আপত্তি কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে৷

চৰকাৰৰ নিষেধাজ্ঞা সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নক নস্যাৎ কৰি ন্যায়ালয়ে কয় যে এইক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা আছে৷ উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক মুখ্যমন্ত্ৰী বাসৱ ৰাজ বোম্বাইৰ আদৰণি। কেন্দ্ৰীয় চৰকাৰেও আদৰণি জনাইছে ন্যায়ালয়ৰ সিদ্ধান্তক।

উল্লেখ্য যে যোৱা জানুৱাৰী মাহত উপকুলীয় জিলা উডুপি আৰু বেংগালুৰুৰ দুখন চৰকাৰী কলেজত হিজাব পৰিধানকাৰী ছাত্ৰ-ছাত্ৰীক নিষিদ্ধ কৰা হৈছিল৷ এই কাৰ্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ কৰিছিল একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে আন দল-সংগঠনে৷ কেতবোৰ স্থানত এই বিষয়ক লৈ গোষ্ঠীগত সংঘৰ্ষৰো সূত্ৰপাত হৈছিল৷

তাৰোপৰি, যোৱা কিছুদিন ধৰি কৰ্ণাটকৰ লগতে দেশৰ ভিন্ন অংশৰ পৰিস্থিতি উত্তপ্ত হৈ আছিল হিজাব পৰিধানক লৈ৷ কৰ্ণাটকৰ চৰকাৰে যোৱা ৫ ফেব্ৰুৱাৰীত শিক্ষানুষ্ঠানত শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব পৰা পোছাক পৰিধান কৰাটো নিষিদ্ধ কৰি এক নিৰ্দেশনা জাৰি কৰিছিল৷ ইয়াৰ পিছতেই কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক নিৰ্দেশযোগে শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে হিজাব আৰু গেৰুৱা বস্ত্ৰ পৰিধান কৰাটো সাময়িকভাৱে নিষিদ্ধ কৰিছিল৷ ইয়াৰ পিছতেই বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছিল৷ হিজাব নিষিদ্ধকৰণক প্ৰত্যাহ্বান জনাই কৰ্ণাটক উচ্চ ন্যায়ালয়ত ৫খন আবেদন তৰিছিল কেইবাগৰাকী ব্যক্তিয়ে৷

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতেই ৰাজ্যখনত আৰক্ষীক সতৰ্ক কৰি তোলা হৈছে৷ বেংগালুৰুসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৪৪ ধাৰা জাৰি, কোনো ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ বা আন প্ৰতিবাদ যাতে আয়োজিত নহয় তাৰ বাবে ৰাজ্যখনত সকলো সভা-সমিতি অনুষ্ঠিত কৰাত বাধা আৰোপ আৰক্ষীৰ৷ উডুপি আৰু শিৱমোগ্গা জিলাত শিক্ষানুষ্ঠান এসপ্তাহৰ বাবে বন্ধ ঘোষণা।

Karnataka HCKarnataka hijab row verdict
Comments (0)
Add Comment