কোন এই পকেটমাৰ জনপ্ৰিয় অভিনেত্ৰী? কি সৰ্ম্পক অনুৰাগ কাশ্যপৰ সৈতে?

ডিজিটেল ডেস্ক: খ্যাতি, ধন-ঐশ্বৰ্য একোৰে অভাৱ নাই তেওঁৰ৷ ধাৰাবাহিক, চলচ্চিত্ৰৰ সুদৰ্শন অভিনেত্ৰী৷ কিন্তু এই জনপ্ৰিয় অভিনেত্ৰীগৰাকী এতিয়া গ্ৰেপ্তাৰ হৈছে এক অদ্ভুত কাৰণত৷ অভিনেত্ৰীগৰাকী আটক হোৱাৰ আঁৰৰ কাৰণ শুনিলে আপুনি হতভম্ব হ’ব৷

বংগত অভিনেত্ৰী হিচাপে তেওঁ আছিল জনপ্ৰিয়। কেইবাখনো ধাৰাবাহিক, চলচ্চিত্ৰত কৰিছিল সুন্দৰ অভিনয়, এনে এগৰাকী অভিনেত্ৰী এতিয়া কুখ্যাত হৈছে পকেটমাৰ ৰূপে। কলকাতাৰ আন্তৰ্জাতিক গ্ৰন্থমেলাত পকেট মাৰি আৰক্ষীৰ জিম্মাত তেওঁ । এতিয়া তেওঁৰ নতুন পৰিচয় ‘অভিনেত্ৰী-পকেটমাৰ’

পশ্চিমবংগত তেওঁৰ অনুৰাগীৰ সংখ্যা বহুত৷ কেইবাখনো জনপ্ৰিয় ধাৰাবাহিক, চলচিত্ৰত অভিনয় কৰি নাম কমাইছিল অভিনেত্ৰীগৰাকীয়ে৷

কিন্তু সেইগৰাকী অভিনেত্ৰী এতিয়া কাঠগড়াত সোমাইছে এক সুকীয়া কাৰণত৷ গ্ৰন্থমেলাত এজন ব্যক্তিৰ পকেট মাৰি আটক হ’বলগীয়া হয় টলীউদৰ জনপ্ৰিয় অভিনেত্ৰী ৰূপা দত্ত৷

ৰূপাৰ বেগত উদ্ধাৰ হয় নগদ ৭৫ হাজাৰ টকা। আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় কেইবাটাও মানি বেগো। এই ঘটনাক লৈ ব্যাপক তোলপাৰ টলীউডত। ৰূপা দত্তই ইয়াৰ পূৰ্বেও সুকীয়া কাৰণত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল৷ ২০১৪ চনতে বলীউডৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ আনি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

ৰূপাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল পৰিচালক অনুৰাগ কাশ্যপ। অশালীন বাৰ্তা প্ৰেৰণৰ ভুৱা অভিযোগ দিছিল কাশ্যপৰ বিৰুদ্ধে। ৰূপাই অনুৰাগ চফৰ নামৰ আন এজন ব্যক্তিৰ যৌনগন্ধী ৱাটছএপ বাৰ্তা অনুৰাগ কাশ্যপে পঠিওৱা বুলি থানাত গোচৰ দিছিল৷ সেই অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল অনুৰাগ কাশ্যপ৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবেও অনুৰাগ কাশ্যপ দায়ী বুলিও অভিযোগ আনিছিল ৰূপাই৷

কিন্তু এইবাৰ ৰূপা ৰঙাঘৰত সোমাবলগীয়া হ’ল নিজৰ দুষ্কাৰ্যৰ বাবে। ৰূপাৰ বিৰুদ্ধে সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

Anurag KashyapRupa DuttaSexual Harassment
Comments (0)
Add Comment