ভাৰতবৰ্ষৰ ভিতৰত সৰ্বপ্ৰথম: মুকলি হ’ল অসম আৰক্ষীৰ বিশেষ পৰ্টেল

ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ বাবে আজি এটা বিশেষ দিন। আজি মুকলি হ’ল অসম আৰক্ষীৰ বিশেষ পৰ্টেল। পৰ্টেলৰ নাম ৰখা হৈছে P. I. M . S অৰ্থাৎ “পাৰ্চনেল ইনফৰমেচন মেনেজমেণ্ট চিষ্টেম”। অসম আৰক্ষীয়ে এতিয়া নিজৰ চুটি বা চাকৰিৰ তথ্য পাতিৰ বাবে কাগজ পত্ৰ লৈ অফিচে অফিচে ঘুৰিব নালাগে। এই পৰ্টেলটেই লাভ কৰিব সকলো তথ্য। গুগল প্লে’ষ্টৰত উপলব্ধ হ’ব এই পৰ্টেল। বৰ্তমান বেটেলিয়ান আৰক্ষী সকলৰ হৈ আৰম্ভ হ’ব এই পৰ্টেল।
উল্লেখ্য যে, ভাৰত বৰ্ষৰ ভিতৰত সৰ্বপ্ৰথম অসম আৰক্ষীতেই আৰম্ভ হৈছে এই পৰ্টেল।

আজি দেৰগাওঁ আৰক্ষী প্ৰশিক্ষন মহাবিদ্যালয়ত এই পৰ্টেল মুকলি কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। লগতে তেওঁ কয় যে, “পৰ্যায় ক্ৰমে সকলো আৰক্ষী জোৱান উপকৃত হ’ব এই পৰ্টেলৰ যোগেদি”।

Assam PolicePortal
Comments (0)
Add Comment